মহাকাশৰ পৰা ৰাম মন্দিৰৰ ‘দৰ্শন’
🔹 ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে ৰামভক্তলৈ বিশেষ উপহাৰ ইছৰোৰ
বিশেষ বাৰ্তা, ২১ জানুৱাৰী : ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে অযোধ্যাৰ ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে ৰামভক্তসকললৈ এক বিশেষ উপহাৰ আগবঢ়ালে। মহাকাশৰ পৰা ৰাম মন্দিৰ ‘দৰ্শন’। এইবাৰ অযোধ্যাৰ ৰাম মন্দিৰৰ ছবি স্বদেশী উপগ্ৰহত ধৰা পৰিল। ইছৰোৰ উপগ্ৰহই লোৱা ছবিসমূহ শনিবাৰে ৰাজহুৱা হৈ পৰে। সমগ্ৰ ২.৭ একৰ ৰাম মন্দিৰক ইয়াৰ আচৰিত সৌন্দৰ্য্যৰে কেমেৰাৰ লেন্সে বন্দী কৰিছে । নতুনকৈ নিৰ্মাণ কৰা অযোধ্যা ৰে’ল ষ্টেচনটোও দেখা গৈছে উপগ্ৰহৰ ছবিত। মহাকাশ সংস্থাটোৱে জনোৱা মতে, এই ছবিসমূহ ১৬ ডিচেম্বৰত তোলা হৈছে। ইয়াৰ পিছত কুঁৱলীৰ বাবে ৰাম মন্দিৰৰ স্পষ্ট ফটো তুলিব পৰা নগ’ল। ৰাম মন্দিৰৰ এই ছবিসমূহ সম্পূৰ্ণৰূপে থলুৱা প্ৰযুক্তিৰে নিৰ্মিত ভাৰতীয় ৰিম’ট চেন্সিং ছিৰিজৰ উপগ্ৰহৰ পৰা লোৱা হৈছে।