নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজিৰঙাত ভিনটেজ কাৰ ৰেলী : বিভিন্ন দেশৰ ৩৯ পৰ্য্যটক উপস্থিত

নিয়মীয়া বার্তা, ৪ অক্টোবৰ : আমেৰিকা আৰু ইউৰোপীয় কেইবাখনো দেশৰ সমূহীয়া ভিনটেজ কাৰ ৰেলী ভাৰতবৰ্ষত ৷ বিগত ১০ বছৰ ধৰি বেলজিয়ামৰ এটা সংস্থাই বিভিন্ন দেশত ভিনটেজ কাৰ ৰেলী কৰি অহাৰ পাছত এইবাৰ এছিয়া মহাদেশৰ তিনিখনকৈ ৰাষ্ট্ৰত আৰম্ভ ২৫ দিনীয়া ভিনটেজ কাৰ ৰেলী ৷ ইতিমধ্যে ভূটান ভ্ৰমণ সম্পন্ন কৰি কাজিৰঙাত উপস্থিত  হোৱা দলটিয়ে উত্তৰ-পূব ভাৰত ভ্ৰমণ সম্পন্ন কৰি বাংলাদেশ অভিমুখে যাব৷ ৭০/৮০ দশকৰ মাৰ্চিডিজ, আইষ্টেন হেলী, জাগুৱাৰ, ভ’লভ’, পৰ্ছে আদি বিখ্যাত  কোম্পানীৰ গাড়ী লৈ উপস্থিত হোৱা দলটোৱে কাজিৰঙাত দুদিন কটাই শ্বিলং অভিমুখে ৰাওনা হ’ব ৷  ১৫খন ভিনটেজ কাৰ আৰু দুখন BMWৰ ভিনটেজ বাইক লৈ উপস্থিত হোৱা দলটোক ভাৰতত নেতৃত্ব দিয়া সমন্বয়ক জনে জানিব দিয়া মতে, এই গাড়ীসমূহ গাড়ীৰ গৰাকীয়ে তাহানিৰে পৰাই আটোমটোকাৰীকৈ ৰাখিছে ৷ প্ৰতিবছৰেই বন্ধৰ দিনত এনেদৰে পুৰণি গাড়ীসমূহ লৈ বেলজিয়ামৰ সংস্থাটোৰ জৰিয়তে এই লোকসকলে বিভিন্ন দেশত ভিনটেজ কাৰ ৰেলী কৰি আহিছে ৷ পুৰণি এই গাড়ীসমূহৰ বনেটত আজাদী কা অমৃত মহোৎসৱ আৰু ইনক্ৰিডিব’ল ইণ্ডিয়াৰ পোষ্টাৰ লগাই ৰেলী কৰা দলটোক ভাৰত চৰকাৰৰ পৰ্যটন বিভাগে সহযোগ কৰাৰ কথা উল্লেখ কৰি সমন্বয়কগৰাকীয়ে কয়, এয়া এক Holiday Trip, যাৰ দ্বাৰা ভিনটেজ কাৰসমূহৰ স্মৃতিগৰাকীসকলে সজীৱ কৰি ৰাখে ৷
প্ৰেৰক ৰঞ্জিত ৰজক
You might also like