৩২ বছৰ সৰু ‘বার্বি’ৰ সৈতে প্রেমত মচগুল ভ্লাডিমিৰ পুটিন
🔹 ৰুছ ৰাষ্ট্রপতিৰ জীৱনলৈ পুনৰ নতুন নাৰীৰ আগমন
বিশেষ বাৰ্তা, ২১ ফেব্রুৱাৰী : ৩২ বছৰ বয়সত সৰু ‘বার্বি’ৰ সৈতে প্রণয়ৰ সম্পর্ক গঢ়ি উঠিছে ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনৰ৷ সূত্রৰ খবৰ অনুসৰি, এই ইতিহাসবিদৰ সৈতে প্রেমত মচগুল হৈ পৰিছে পুটিন৷ এই সম্পর্কৰ কথা চর্চালৈ অহাৰ লগে লগে ৰুছ ৰাষ্ট্রপতিৰ ঘনিষ্ঠ মহলে বিষয়টো সন্দর্ভত নির্লিপ্ততা অৱলম্বন কৰিছে৷ পুটিনৰ সৈতে একাধিক মহিলাৰ নাম বাৰে বাৰে জড়িত হৈ পৰিছে৷ ৩০ বছৰীয়া বৈবাহিক জীৱনৰ পিছত ২০১৪ চনত পত্নী লুডমিনাৰ সৈতে সম্পর্কৰ বিচ্ছেদ ঘটায় পুটিনে৷ তাৰ পিছতে জিমনাষ্ট আলিনা কাবিভাৰ সৈতে প্রেমৰ সম্পর্ক গঢ়ি উঠে পুটিনৰ৷ শুনিবলৈ পোৱা যায় আলিনাৰ সৈতে পুটিনৰ ৩ সন্তানো আছে৷ মস্কোৰ পৰা বহু দূৰৈত পুটিনৰ বিলাসবহুল ভিলাত বাস কৰে আলিনাই৷ এইবাৰ পুটিনৰ জীৱনলৈ নতুন নাৰীৰ আগমন ঘটিছে৷ ৰাছিয়াৰ কেইবাটাও সংবাদ সংস্থাৰ লগতে ইউক্রেইনৰ সংবাদ মাধ্যমে দাবী কৰা অনুসৰি ৩৯ বছৰ বয়সীয়া একাতেৰিনা কাতিয়া মিজুলিনাৰ প্রেমত পৰিছে ৭১ বছৰীয়া পুটিন৷ দেখিবলৈ ‘বার্বি’ পুতলাৰ দৰে একাতেৰিনা ইতিহাসবিদ হ’লেও বর্তমান পুটিন প্রশাসনৰ ছ’চিয়েল মিডিয়া বিভাগৰ দায়িত্বত আছে৷ ৰাছিয়া আৰু পুটিন সন্দর্ভত ছ’চিয়েল মিডিয়াৰ সকলো নেতিবাচক কথা মচি পেলোৱাই কাম একাতেৰিনাৰ৷