নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ভ্লাডিমিৰ পুটিনৰ শীঘ্রেই মৃত্যু ঘটিব’

🔹 ৰাছিয়াৰ ৰাষ্ট্রপতিক লৈ বিস্ফোৰক দাবী ইউক্রেইনৰ ৰাষ্ট্রপতিৰ

নিউজ ডেস্ক, ২৮ মার্চ : ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনৰ শীঘ্রেই মৃত্যু ঘটিব বুলি চাঞ্চল্যকৰ দাবী ইউক্রেইনৰ ৰাষ্ট্রপতি ভ’লোডিমিৰ জেলেনস্কিৰ৷ পেৰিছত ইউৰোপৰ সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত ইউক্রেইনৰ ৰাষ্ট্রপতিগৰাকীয়ে এই বিস্ফোৰক দাবী কৰা বুলি চর্চিত হৈছে৷ উল্লেখনীয় যে ৰাছিয়াৰ ৰাষ্ট্রপতিৰ স্বাস্থ্য সংকটজনক বুলি বিভিন্ন সময়ত চলি থকা উৰাবাতৰিৰ প্রসংগৰেই ইউক্রেইনৰ ৰাষ্ট্রপতিগৰাকীয়ে সাংবাদিকৰ সৈতে হোৱা কথোপকথনত পুটিনৰ মৃত্যু হ’ব বুলি মন্তব্য কৰিছে৷ উল্লেখনীয় যে ইউক্রেইন আৰু ৰাছিয়াৰ মাজত চলি থকা তিনি বছৰীয়া ৰক্তক্ষয়ী যুদ্ধৰ অৱসান ঘটাবলৈ আমেৰিকা যুক্তৰাষ্ট্রই চলোৱা প্রচেষ্টাত দুই দেশ প্রায় সন্মত হৈছে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ যুদ্ধবিৰতি চুক্তিত দুয়োখন দেশ সন্মত হোৱাৰ পিছত শীঘ্রেই এই প্রক্রিয়াও আৰম্ভ হ’ব৷ গুৰুত্বপূর্ণ যে পেৰিছত সাংবাদিকৰ আগত জেলেনস্কিয়ে ৰাছিয়াৰ ৰাষ্ট্রপতিগৰাকীয়ে মৃত্যুলৈকে ক্ষমতাত থাকিব বিচাৰে বুলিও কয়৷ তদুপৰি ৰাষ্ট্রপতি জেলেনস্কিয়ে ৰাছিয়াৰ ৰাষ্ট্রপতিয়ে কেৱল ইউক্রেইন দখল কৰাৰ আকাংক্ষাতেই ক্ষান্ত হৈ নাথাকে৷ তেওঁ পশ্চিমীয়া দেশৰ ওপৰতো দখলদাৰী দেখুৱাবলৈ বিচাৰে বুলি কয়৷ আনপিনে জেলেনস্কিয়ে ৰাষ্ট্রপতি পুটিনৰ ওপৰত হেঁচা প্রয়োগ কৰাৰ বাবেও আমেৰিকা আৰু ইউৰোপক আহ্বান জনায়৷

You might also like