নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঐশ্বৰ্য ৰায়ৰ দৰে চকু বিচাৰেনে? বিধান দিলে মহাৰাষ্ট্ৰৰ বিজেপি নেতাই

বিশেষ বাৰ্তা, ২২ আগষ্ট : মহাৰাষ্ট্ৰৰ এজন বিজেপি নেতা তথা মন্ত্ৰীয়ে জনালে ঐশ্বৰ্য ৰায়ৰ ধুনীয়া চকুৰ ৰহস্য। ঐশ্বৰ্য ৰায়ৰ দৰে আকৰ্ষণীয় চকুৰ কেনেকৈ অধিকাৰী হ’ব, তাৰ বিধান দিলে মহাৰাষ্ট্ৰৰ মন্ত্ৰীজনে! নাম বিজয়কুমাৰ গাভিট। তেওঁ মহাৰাষ্ট্ৰৰ জনজাতি উন্নয়ন পৰিক্ৰমা বিভাগৰ মন্ত্ৰী। শেহতীয়াকৈ গাভিটে নিজৰ সমষ্টি নন্দুৰবাৰত এখন ৰাজহুৱা সভাত ভাষণ দি আছিল। তাতেই তেওঁ ঐশ্বৰ্য ৰায়ৰ চকুক লৈ এক মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে কয়- “যিসকলে নিয়মিতভাৱে মাছ খায়, তেওঁলোকৰ ছাল মসৃণ হয়। দুচকুও উজলি উঠে। কোনোবাই যদি আপোনাৰ ফালে চায়, তেন্তে তেওঁ আপোনাৰ প্ৰতি আকৰ্ষিত হ’ব।” ৰাজহুৱা সভাখনত মন্ত্ৰীগৰাকীয়ে নিয়মীয়াকৈ মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে ব্যাখ্যা কৰি আছিল। তেওঁ ৰাইজক কয়- ‘মেংগালোৰত ঐশ্বৰ্য ৰায়ৰ ঘৰ সাগৰৰ কাষত অৱস্থিত। তেওঁ নিয়মিত মাছ খাইছিল। ঐশ্বৰ্য ৰায়ৰ চকু দেখিছেনে? প্ৰতিদিনে মাছ খালে আপোনালোকৰো চকু তেওঁৰ নিচিনা হ’ব।’ মন্ত্ৰীগৰাকীৰ এই ভাষ্য সম্প্ৰতি ভাইৰেল হৈ পৰিছে।

You might also like