যুদ্ধ হ’ব ! কাইলৈ বাজিব এয়াৰ ৰেইড ছাইৰেন
🔹 পাকিস্তানক এসেকা দি বন্ধ চেনাব নৈৰ জলস্রোত
নিউজ ডেস্ক, ৬ মে’ : সীমান্তত যুদ্ধ-ৰ পৰিৱেশ ! পেহেলগামৰ নৰসংহাৰৰ প্রত্যাঘাত ভাৰতৰ৷ পাকিস্তানৰ ওপৰত কূটনৈতিকভাৱে প্রচণ্ড চাপ সৃষ্টি কৰি সিন্ধু জল চুক্তি বাতিলৰ পাছত এইবাৰ চেনাব নদীৰ বাগলিহাৰ বান্ধেৰে পানী বন্ধ কৰিলে ভাৰতে৷ সামৰিক অভিযান প্রত্যক্ষভাৱে আৰম্ভ নকৰিলেও ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কূটনৈতিক যুঁজখন তীব্রতৰ কৰি তুলিছে৷ সিন্ধু নদী প্রকল্পৰ সৈতে জড়িত থকা চেনাব নদীৰ বাগলিহাৰ বান্ধটো কালি বন্ধ কৰিলে৷ বাগলিহাৰ বান্ধৰ সমান্তৰালকৈ নতুন দিল্লীয়ে বান্দিপোৰাৰ সমীপৰ কৃষ্ণগংগা বান্ধো বন্ধৰ পৰিকল্পনা কৰিছে৷
সিন্ধু জল চুক্তি স্থগিত ৰখাৰ পাছত চেনাব নদীৰ বাগলিহাৰ বান্ধ বন্ধ কৰাৰ লগে লগে পাকিস্তান তীব্র জল সংকটৰ সন্মুখীন হ’ব৷ ইয়াৰ পাছতেই কৃষ্ণগংগা বান্ধ বন্ধ কৰিলে ইছলামাবাদৰ বাবে বিপজ্জনক হৈ উঠিব৷ মন কৰিবলগীয়া যে বাগলিহাৰ বান্ধ আৰু কৃষ্ণগংগা বান্ধ নির্মাণ কৰি থকাৰ সময়তে পাকিস্তানে তীব্র আপত্তি জনাইছিল যদিও সেই আপত্তিক আওকাণ কৰি ভাৰতে বান্ধ দুটা নির্মাণ কৰিছে৷ ২০০৮ চনত বাগলিহাৰ বান্ধ প্রকল্পৰ জৰিয়তে বিদ্যুৎ উৎপাদন আৰম্ভ কৰাৰ পাছত ২০১৫ চনত দ্বিতীয়টো প্রকল্প মুকলি কৰে ভাৰতে৷ এই দুয়োটা জলবিদ্যুৎ প্রকল্পৰ পৰাই ভাৰতে বিদ্যুৎ উৎপাদন কৰি আছে৷ আনপিনে, কৃষ্ণগংগা নদীৰ ওপৰতো নির্মিত জলবিদ্যুৎ প্রকল্পৰ দ্বাৰা ৩৩০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰি আহিছে৷ এই দুয়োটা বান্ধ বন্ধ কৰি দিলে পাকিস্তান ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব৷
ইপিনে, সিন্ধু জল চুক্তি স্থগিতৰ পাছত ভাৰতে ৬টা নতুন প্রকল্পৰ কাম–কাজ আৰম্ভ কৰিব৷ পাকিস্তানৰ সন্ত্রাসবাদীয়ে পেহেলগামত নৰসংহাৰ চলোৱাৰ প্রত্যাঘাত হিচাপে সিন্ধু জল চুক্তি স্থগিত ৰাখি ভাৰতে ৬টা নতুন প্রকল্প আৰম্ভ কৰিব৷ সিন্ধু নদীৰ লগতে ইয়াৰ উপনদীকেইটাত এই ৬টা নতুন প্রকল্প আৰম্ভ কৰিলে পাকিস্তান আন মহাসংকটৰ সন্মুখীন হ’ব৷ চাৱালকোটত ১,৮৫৬ মেগাৱাট প্রকল্প, কিৰথাইত দুটা প্রকল্প, পাকাইদুলত এটা প্রকল্প নির্মাণ কৰিব৷ এইকেইটা সম্পূর্ণ হোৱাৰ পাছত ভাৰতে পৰৱর্তী সময়ত আন তিনিটা জলবিদ্যুৎ প্রকল্প নির্মাণ কৰাৰ পৰিকল্পনা কৰিছে৷ ভাৰতে এই ৬টা প্রকল্প নির্মাণ কৰিলে নদীকেইখনৰ নামনি ভাগত থকা পাকিস্তানৰ বাবে বিপজ্জনক হৈ উঠিব৷ কিয়নো নদীৰ উপৰিভাগত বান্ধ নির্মাণ কৰিলে নামনিলৈ পানীৰ সোঁত হ্রাস পাব আৰু পাকিস্তানত নদীকেইখন খৰাং হৈ উঠিব৷
তথ্য মতে, বাগলিয়াৰ বান্ধ বন্ধ কৰাৰ পাছতেই পাকিস্তানত সেই নদীৰ ওপৰেদি নাগৰিকসকলে খোজকাঢ়ি যাব পৰা হৈছে৷ অর্থাৎ নদীকেইখন শুকাই গৈছে৷ ইপিনে, জম্মুৰ কাৰাগাৰত সন্ত্রাসবাদীয়ে আক্রমণ চলাব পাৰে বুলি চোৰাংচোৱা সূত্রই লাভ কৰা তথ্যৰ বাবেই সমগ্র কাৰাগাৰত নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা হৈছে৷ দুর্ধর্ষ সন্ত্রাসবাদী আৰু সহযোগীয়ে কাৰাগাৰত আক্রমণ চলাব পাৰে বুলি চোৰাংচোৱা সূত্রই তথ্য লাভ কৰাৰ পাছতেই চিআইএছএফে কাৰাগাৰসমূহৰ নিৰাপত্তা ব্যৱস্থা পর্যবেক্ষণ কৰিছে৷ প্রধানতঃ শ্রীনগৰ কেন্দ্রীয় কাৰাগাৰ আৰু কোটবালোৱাল কাৰাগাৰত আক্রমণৰ সম্ভাৱনা বেছি থকাৰ বাবেই এই কাৰাগাৰ দুখনত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছে৷ এই কাৰাগাৰত দুর্ধর্ষ সন্ত্রাসবাদীৰ লগতে শ্লীপাৰ চেলৰ সদস্যও বন্দী হৈ আছে৷
প্রতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিঙৰ সৈতে প্রধানমন্ত্রী মোদীৰ বৈঠক
পেহেলগামত সন্ত্রাসবাদীয়ে পর্যটকক বর্বৰতাৰে হত্যা কৰাৰ পাছত ভাৰত আৰু পাকিস্তানৰ মাজত ঘনীভূত হৈছে যুদ্ধৰ আশংকা৷ কূটনৈতিকভাৱে পাকিস্তানক প্রচণ্ড হেঁচা দিয়া ভাৰতে যিকোনো মুহূর্ততে পাকিস্তানত আক্রমণ চলাব পাৰে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেশৰ তিনি সশস্ত্র বাহিনীক সন্ত্রাসবাদ নির্মূল অভিযানত পূর্ণ ক্ষমতা প্রদান কৰাৰ পাছত প্রধানমন্ত্রীগৰাকীয়ে ইতিমধ্যে পর্যায়ক্রমে সেনাৰ মুৰব্বীৰ সৈতে বার্তালাপ কৰি আছে৷ পেহেলগাম আক্রমণৰ প্রত্যাঘাত হিচাপে ভাৰতে পাকিস্তানৰ ওপৰত সামৰিক অভিযান চলোৱাৰ পূর্ণ সম্ভাৱনা প্রকট হোৱাৰ সময়তে কালি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে প্রতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিঙৰ সৈতে বৈঠকত মিলিত হয়৷
তিনি সশস্ত্র বাহিনীয়ে পেহেলগাম নৰসংহাৰক লৈ পৰৱর্তী পৰিস্থিতিক লৈ আলোচনাৰ পাছত প্রতিৰক্ষা সচিবৰে প্রধানমন্ত্রী মোদীৰ বৈঠক দেশবাসীৰ বাবে উৎকণ্ঠা হৈ পৰিছে৷ প্রতিৰক্ষা সচিব সিঙৰ সৈতে আধা ঘণ্টাতকৈ অধিক সময় বার্তালাপ কৰা প্রধানমন্ত্রী মোদীয়ে কি স্থিতি গ্রহণ কৰে, সেই সন্দর্ভত আনুষ্ঠানিকভাৱে একো প্রকাশ হোৱা নাই যদিও ইখনৰ পিছত সিখন বৈঠকে পাকিস্তানৰ ওপৰত সম্ভাব্য আক্রমণৰ ইংগিত দিয়ে৷ উল্লেখ্য যে প্রধানমন্ত্রী মোদীয়ে এয়াৰ চীফ মার্শ্বাল অমৰপ্রীত সিঙৰ সৈতে পৰহি বৈঠকৰ পাছত স্থল আৰু নৌ বাহিনীৰ মুৰব্বীৰ সৈতেও বৈঠকত মিলিত হয় মোদী৷ ইপিনে, পেহেলগামত পাকিস্তানী সন্ত্রাসবাদীৰ আক্রমণৰ পাছত কালি প্রথমবাৰলৈ ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে প্রধানমন্ত্রী মোদীলৈ ফোন কৰে৷ টেলিফোনিক বার্তালাপত প্রধানমন্ত্রী মোদীক পেহেলগাম আক্রমণকাৰীক বিচাৰৰ গণ্ডীলৈ অনাৰ বাবে আহ্বান জনায় পুটিনে৷
কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ নির্দেশনা
পেহেলগাম কাণ্ডক লৈ ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ হ’ব নেকি? যুদ্ধকালীন পৰিস্থিতিত দেশৰ সাধাৰণ নাগৰিকে কি ব্যৱস্থা গ্রহণ কৰিব লাগিব, সেই সন্দর্ভত কেন্দ্রীয় গৃহ মন্ত্রালয়ে কালি অসামৰিক প্রতিৰক্ষাক মকড্রিল কৰিবলৈ নির্দেশনা জাৰি কৰিছে৷ গৃহ মন্ত্রালয়ৰ নির্দেশনা অনুসৰি অহা ৭ মে’ত কেইবাখনো ৰাজ্যই অসামৰিক প্রতিৰক্ষা মকড্রিল কৰিব লাগিব৷ সাধাৰণ নাগৰিকৰ পৰা শিক্ষার্থীলৈকে যুদ্ধৰ সময়ত কি কৰিব লাগিব, সেই সন্দর্ভত প্রশিক্ষণ দিয়া হ’ব৷ যুঁজাৰু বিমানৰ ছাইৰেন বাজিলে সাধাৰণ নাগৰিকে কি কৰিব লাগিব সেই সন্দর্ভতো সজাগতাৰ বাবে প্রশিক্ষণ দিবলৈ ৰাজ্যসমূহক নির্দেশ দিছে কেন্দ্রীয় গৃহ মন্ত্রালয়ে৷ যুদ্ধকালীন পৰিস্থিতিত কিদৰে নাগৰিকসকলক উদ্ধাৰ কৰা হ’ব কিম্বা নিৰাপদ স্থানলৈ নিয়া হ’ব, তাৰো প্রশিক্ষণৰ ব্যৱস্থা কৰিবলৈ নির্দেশনাত উল্লেখ কৰা হৈছে৷
যুদ্ধৰ সময়ত সাধাৰণ নাগৰিকে কিদৰে নিজকে সুৰক্ষিত কৰি ৰাখিব পাৰে, সেই সন্দর্ভতো প্রশিক্ষণ দিয়া হ’ব৷ সাধাৰণ নাগৰিকক প্রশিক্ষিত কৰিবলৈ অসামৰিক প্রতিৰক্ষা বিভাগক স্থানীয় প্রশাসন আৰু শৈক্ষিক প্রতিষ্ঠানক অংশগ্রহণৰ নিশ্চিতি কৰিবলৈও নির্দেশ দিয়া হৈছে৷ গুৰুত্বপূর্ণ স্থান তথা প্রতিষ্ঠানক কিদৰে গোপনে ৰাখিব পাৰি, ব্লেক আউটৰ সময়ত কিদৰে নিজকে সুৰক্ষিত কৰি ৰাখিব লাগিব, সেই সন্দর্ভতো সাধাৰণ নাগৰিকক প্রশিক্ষণ দিয়া হ’ব৷ উল্লেখ্য যে ২২ এপ্রিলত জম্মু–কাশ্মীৰৰ পেহেলগামত পাক সন্ত্রাসবাদীয়ে নৰসংহাৰ চলোৱাৰ পাছত ভাৰতে পাকিস্তানক কূটনৈতিকভাৱে তীব্র চাপ দিয়াৰ সময়ত পাক সেনাই জম্মু–কাশ্মীৰৰ এলঅ’চিত যুদ্ধবিৰতি উলংঘা কৰি আহিছে৷ ভাৰতীয় সেনাই পাক সেনাক যথোচিত প্রত্যুত্তৰ দি থাকিলেও দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পাইছে৷ এনে এক পর্যায় পাইছে যে যিকোনো মুহূর্তত দুয়োখন দেশৰ মাজত যুদ্ধ হ’ব পাৰে। এই পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখিয়েই ৭ মে’ত দেশজুৰি অসামৰিক প্রতিৰক্ষা মকড্রিলৰ নির্দেশনা দিয়া হৈছে৷