আমি প্রস্তুত আছোঁ! ইৰানৰ বার্তাৰ পিছতে মধ্যপ্রাচ্যত পৰমাণু যুদ্ধৰ আশংকা
🔹 কৌশলেৰে ইজৰাইল চৰকাৰক সকীয়নি তেহৰান প্রশাসনৰ
নিউজ ডেস্ক, ১৩ জুন : ইৰানৰ অৱস্থানে মধ্যপ্রাচ্যত পৰমাণু যুদ্ধৰ আশংকা ঘনীভূত কৰিছে৷ শেহতীয়াকৈ ইৰানৰ পৰা ঘোষণা কৰা হৈছে– ‘আমি প্রস্তুত আছোঁ’৷ পৰহি মাজনিশা ছ’চিয়েল মিডিয়াত ইৰানৰ চৰকাৰী একাউণ্টৰ পৰা এই পোষ্ট প্রেৰণ কৰা হয়৷ পোষ্টটোত ইৰানৰ ৰাষ্ট্রীয় পতাকাৰ ছবি দিয়া হৈছে৷ কিন্তু কি বিষয়ক লৈ প্রস্তুতিৰ কথা কোৱা হৈছে তাৰ কোনো ব্যাখ্যা নাই৷ ইৰানে ব্যাখ্যা নকৰিলেও মধ্যপ্রাচ্যৰ ভূ-ৰাজনৈতিক বিশেষজ্ঞসকলৰ একাংশই ধাৰণা কৰিছে যে এই তিনিটা শব্দৰ বার্তাৰ জৰিয়তে ইজৰাইলক যুদ্ধৰ ইংগিত দিছে ইৰানে৷ সংবাদ সংস্থা ৰয়টার্ছে মার্কিন চোৰাংচোৱাৰ প্রতিবেদন উদ্ধৃত কৰি প্রকাশ কৰিছে যে ইৰানৰ পৰমাণু ঘাটিত আক্রমণৰ বাবে প্রস্তুতি চলাই আছে ইজৰাইলে৷ এই প্রতিবেদন প্রকাশ পোৱাৰ পিছতে ইজৰাইলক ওলোটাই সতর্কবাণী কৰিছে ইৰানে৷ বিশেষজ্ঞসকলৰ মতে, ইজৰাইলে ইৰানত কোনোধৰণৰ আক্রমণ চলালে তাৰ প্রত্যুত্তৰ দিয়া হ’ব বুলি এই বার্তাৰ জৰিয়তে বুজাই দিছে ইৰান চৰকাৰে৷ লক্ষণীয় বিষয়টো হৈছে, পৰমাণু চুক্তিত স্বাক্ষৰক লৈ আমেৰিকা আৰু ইৰানৰ মাজত যি বুজাপৰা আছিল সেয়া কার্যতঃ নিষ্ফল হৈছে৷ এইক্ষেত্রত ড’নাল্ড ট্রাম্পেও আশা এৰি দিয়া পৰিলক্ষিত হৈছে৷