নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিমবংগৰ মেধাৱী ছাত্রই সৃষ্টি কৰিলে ‘অনন্ত কেলেণ্ডাৰ’

🔹 হাজাৰ হাজাৰ বছৰলৈ মিলি যাব পৃথিৱীৰ সকলো দিন–তাৰিখ

বিশেষ বাৰ্তা, ৫ আগষ্ট : এখন কেলেণ্ডাৰতে পৃথিৱীৰ সকলো তাৰিখ৷ সাত জনমতো ইয়াৰ হিচাপত কোনোধৰণৰ ভুল নহ’ব৷ এনে সহজ–সৰল, আধুনিক প্রযুক্তিৰ ‘অনন্ত কেলেণ্ডাৰ’ প্রস্তুত কৰি ভাৰতীয় পেটেণ্ট অর্জন কৰিলে পশ্চিমবংগৰ ছিউৰীৰ ছাত্র আত্রেয় ঘোষালে৷ ছিউৰী ছেহেড়াপাৰাৰ বাসিন্দা আত্রেয় জয়পুৰৰ মণিপাল বিশ্ববিদ্যালয়ৰ গণিতৰ প্রথম বর্ষৰ ছাত্র৷ ছিউৰীৰ এক বেচৰকাৰী ইংৰাজী মাধ্যমৰ ছাত্র আত্রেয়ৰ আছে গণিতৰ প্রতি দুর্বাৰ আকর্ষণ৷ প্রথম বর্ষত ছাত্রসকলক কলেজৰ পৰা এটা নতুন কিবা প্রকল্প গঢ়ি তোলাৰ নির্দেশ দিয়া হয়৷ তেতিয়াই আত্রেয়ৰ মগজুলৈ আহে বন্ধুৰ এখন চাইকেলৰ ৰিঙৰ কথা৷ আত্রেয়ই সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি, বন্ধুৰ সেই ৰিঙত কেইবাবছৰৰো প্রতি মাহৰ দিন–তাৰিখ-বছৰ আছিল৷ সেই ৰিংটোকে অনন্তকালৰ বাবে সৃষ্টি কৰিব পৰা যাব বুলি প্রথম মগজুত ধাৰণা হয় আত্রেয়ৰ৷ বিশ্ববিদ্যালয়ৰ সূত্রই সদৰী কৰা অনুসৰি, এই কামৰ পিছৰে পৰা আত্রেয়ই নিজৰ বিষয় গণিতক লৈ বিভিন্ন সূত্র সৃষ্টি কৰিবলৈ ধৰে৷ হিচাপ কৰাৰ পিছত ১৪ প্রকাৰৰ চন-তাৰিখৰ কেলেণ্ডাৰ সৃষ্টিৰ ধাৰণা আহি পৰে৷ ইয়াৰ উপৰি সাতটা লিপিয়েৰৰ অন্তর্ভুক্তিৰ কথাও ভাবিবলৈ ধৰে আত্রেয়ই৷ এনেকৈয়ে ‘অনন্ত কেলেণ্ডাৰ’ সৃষ্টি কৰি পেলালে ছাত্রজনে৷ এই কেলেণ্ডাৰত ১০, ৫০, ১০০ বা ২০০০ বছৰৰ তাৰিখো মিলি যাব৷ বিশ্ববিদ্যালয়ে আত্রেয়ৰ এই কার্যক ৱেবছাইটত স্থান দিয়াৰ লগতে এই আৱিষ্কাৰক ভাৰতীয় স্বত্ব বা ইণ্ডিয়ান পেটেণ্ট এডভান্স ছার্চ ছিষ্টেমৰ স্বীকৃতি প্রদান কৰিছে৷

You might also like