নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিমবংগ চৰকাৰ আৰু আৰক্ষীৰ আচৰণ বেদনাদায়কঃ ক্ষুব্ধ বিজেপিৰ কটাক্ষ

বিশেষ বাৰ্তা, ১৬ জুনঃ পশ্চিমবংগত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত হিংসাত্মক ঘটনা সংঘটিত হৈছে। বিজেপিয়ে এই হিংসাৰ বাবে তৃণমূল কংগ্ৰেছৰ সভানেত্ৰী তথা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক দোষাৰোপ কৰে। দিল্লী বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত বিজেপিৰ মুখপাত্ৰই কয় যে পশ্চিমবংগৰ পঞ্চায়ত নিৰ্বাচনত যি ধৰণৰ দৃশ্য দেখা গৈছে, যি ধৰণৰ হিংসা দেখা গৈছে, সেয়া বেদনাদায়ক। তাতোকৈ দুখৰ বিষয়, তাত চৰকাৰৰ সংবেদনহীনতা। আমাৰ কৰ্মকৰ্তাৰ ওপৰত ভয়াৱহ আক্ৰমণ চলিছে যাতে তেওঁলোকে ভোট নিদিয়ে। সুধাংশু ত্ৰিবেদীয়ে কয় যে পশ্চিমবংগ চৰকাৰ আৰু আৰক্ষীৰ যি ধৰণৰ আচৰণ, সেয়া ভাৰতৰ গণতান্ত্ৰিক আৰু নিৰ্বাচনী ইতিহাসৰ এক অতি অন্ধকাৰ অধ্যায়। ‘মই টিএমচিক ক’ব বিচাৰোঁ যে আপোনালোকে যি হিংসাৰ খেল খেলি আছে, কমিউনিষ্ট চৰকাৰেও আগতে একে কাম কৰিছিল, এতিয়া আপোনালোকে তেওঁলোকৰ অৱস্থা চাওক। অটলজীৰ ভাষাত- স্ফূলিংগৰ খেল বেয়া, আনৰ ঘৰত জুই লগোৱাৰ সপোন প্ৰায়ে নিজৰ ঘৰতে বাস্তৱায়িত হয়।’- তেওঁ কয়।

You might also like