নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেমব্ৰিজত থকা ১১০ বছৰীয়া পেইণ্টিঙক লৈ কিয় ইমান ক্ষোভ পেলেষ্টাইনপন্থীৰ

বিশেষ বাৰ্তা, ১০ মার্চ : গ্রেট ব্রিটেইনৰ কেমব্ৰিজ বিশ্ববিদ্যালয়ত ১১০ বছৰীয়া পুৰণি পেইণ্টিং এখন পেলেষ্টাইনপন্থী প্রতিবাদকাৰীয়ে ক্ষতিসাধন কৰাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ শতিকাপুৰণি এই পেইণ্টিংখন বিনষ্ট কৰাৰ তদন্ত চলাই আছে আৰক্ষীয়ে৷ উল্লেখ্য, ইজৰাইল সৃষ্টিৰ সৈতে জড়িত এগৰাকী ৰাজনীতিক লর্ড জেমছ বেলফ’ৰৰ পেইণ্টিংখন কেমব্ৰিজ বিশ্ববিদ্যালয়ত সংগৃহীত হৈ আছে৷ এই পেইণ্টিংখনেই পেলেষ্টাইনপন্থীয়ে বিনষ্ট কৰাৰ বাবে ৰঙা ৰং ছটিয়াই দিয়ে৷ এই ঘটনাটো সামাজিক মাধ্যমত প্রচাৰ হোৱাৰ পিছতে তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ ১৯১৪ চনত শিল্পী ফিলিপ এলেক্সিয়াছ ডি লাজলৈ অংকন কৰা লর্ড বেলফ’ৰৰ পেইণ্টিংখন প্রতিবাদকাৰীয়ে ক্ষতিসাধন কৰি কয় যে ১৯১৭ চনৰ পিছৰে পৰা পেলেষ্টাইন ঔপনিৱেশিক ভাষণৰ পৰা মুকলি হ’ব পৰা নাই৷ এনে কাৰণতেই পেইণ্টিংখনৰ প্রতি ক্ষোভ উজৰা হৈছে৷ কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ ট্রিনিটী কলেজত থকা ১১০ বছৰীয়া পেইণ্টিংখনৰ ক্ষতিসাধন কৰাৰ পিছতে আৰক্ষীয়ে এই ঘটনাত জড়িত ব্যক্তিসকলক চিনাক্ত কৰি কৰায়ত্ত কৰাৰ ক্ষেত্রত অনুসন্ধান চলাই আছে৷ উনুকিয়াব লাগিব যে ১৯১৭ চনত গ্রেট ব্রিটেইনৰ বৈদেশিক মন্ত্রী হিচাপে দায়িত্বত আছিল লর্ড বেলফ’ৰ৷ সেই সময়তেই ব্রিটেইনৰ সমর্থনত ইহুদী লোকৰ বাবে পেলেষ্টাইনত ৰাষ্ট্রীয় বাসস্থান স্থাপনৰ সিদ্ধান্ত গ্রহণ কৰা হৈছিল৷ অর্থাৎ লর্ড বেলফ’ৰৰ উদ্যোগতেই পেলেষ্টাইনৰ ইহুদীসকলৰ স্থিতি গঢ়ি উঠে আৰু পৰৱর্তী সময়ত ইজৰাইল গঠন হয়৷ সেই ইজৰাইল গঠনত লর্ড বেলফ’ৰৰ ভূমিকাক গৰিহণা দি তেওঁৰ পেইণ্টিঙত ৰঙা চিয়াঁহী ছটিয়াই ক্ষোভ উজাৰে পেলেষ্টাইনপন্থী প্রতিবাদকাৰীসকলে৷ গ্রেট ব্রিটেইনতে এনে ঘটনা সংঘটিত হোৱাত দেশখনত প্রতিক্রিয়াৰো সৃষ্টি হৈছে৷

You might also like