নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাধাৰণ নাগৰিকৰ অংশগ্রহণেৰে দেশৰ সমাগত গণৰাজ্য দিৱস

গণৰাজ্য দিৱস
বিশেষ বাৰ্তা, ২১ জানুৱাৰীঃ সমাগত দেশৰ ৭৪সংখ্যক গণৰাজ্য দিৱস হ’ব সাধাৰণ নাগৰিকৰ অংশগ্রহণ৷ দেশৰ ৰাজধানী দিল্লীৰ কর্তব্যপথত প্রথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া গণৰাজ্য দিৱসৰ কার্যসূচীৰ পেৰেডত নাথাকিব কোনো ভি ভি আই পি৷ পেৰেডৰ সময়ত এইবেলি ভি ভি আই পিৰ পৰিৱর্তে কর্তব্যপথৰ প্রথম শাৰীৰ আসনত থাকিব সাধাৰণ নাগৰিক৷ বিশেষকৈ ৰিক্সাচালক, ক্ষুদ্র ব্যৱসায়ী, শাক–পাচলিৰ ব্যৱসায়ী, শ্রমজীৱী, বিশেষকৈ কর্তব্যপথ ব্যৱস্থাপনাত জড়িত লোকৰ লগতে তেওঁলোকৰ পৰিয়ালক এইবেলি প্রথম শাৰীত আসন দিয়া হ’ব৷ ঐতিহাসিক ৰাজপথক কর্তব্যপথ হিচাপে নামকৰণ কৰাৰ পাছত প্রথমবাৰৰ বাবে গণৰাজ্য দিৱসৰ পেৰেড কর্তব্যপথত অনুষ্ঠিত হ’ব৷ দেশে স্বাধীনতাৰ ৭৫সংখ্যক বার্ষিকী উদযাপন কৰাৰ পাছত ২৬ জানুৱাৰীত পালন কৰিবলগীয়া ৭৪সংখ্যক গণৰাজ্য দিৱস কেইবাটাও কাৰণত ব্যতিক্রমী হ’ব৷ গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰিব ইজিপ্তৰ ৰাষ্ট্রপতি আব্দেল ফাতাহ আল–চিচিয়ে৷ ৰাষ্ট্রপতিগৰাকীয়ে মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰাৰ লগতে পেৰেডত অংশ ল’ব ইজিপ্তৰ ১৮০জনীয়া সেনা জোৱানে৷ ইতিমধ্যে গণৰাজ্য দিৱসৰ বাবে অভেদ্য দুর্গ ৰূপে পৰিগণিত হোৱা ৰাজধানী দিল্লীত কর্তব্যপথত গণৰাজ্য দিৱসৰ কার্যসূচীৰ অনুশীলন চলি আছে৷ কর্তব্যপথত দেশৰ সামৰিক শক্তি প্রদর্শন কৰাৰ লগতে দেশখনৰ সংস্কৃতি আৰু বৈচিত্র্যৰ ৰূপ প্রতিফলিত হ’ব পেৰেডত৷ ৰাষ্ট্রপতি হিচাপে দায়িত্ব গ্রহণ কৰাৰ পাছত দ্রৌপদী মুর্মুৱে প্রথমবাৰৰ বাবে লালকিল্লাত দেশৰ ৰাষ্ট্রীয় পতাকা উত্তোলন কৰিব৷ পুৱা ৮ বজাৰ পৰা ৯.৩০ বজাৰ ভিতৰত ৰাষ্ট্রীয় পতাকা উত্তোলন কৰিব ৰাষ্ট্রপতি মুর্মুৱে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে পুৱা অমৰ জোৱান জ্যোতিত শ্রদ্ধাঞ্জলি অর্পণ কৰাৰ পাছত ৰাষ্ট্রপতি মুর্মুৱে ৰাষ্ট্রীয় পতাকা উত্তোলন কৰাৰ কিছু ক্ষণৰ পাছতেই কর্তব্যপথত পেৰেড আৰম্ভ হ’ব৷

You might also like