নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিমবংগত মহিলাক বিবস্ত্ৰ কৰি মাৰপিট

বিশেষ বাৰ্তা, ২২ জুলাই : মণিপুৰৰ পিছত এইবাৰ পশ্চিমবংগত মহিলাক বিবস্ত্ৰ কৰাৰ দৰে বৰ্বৰ কাণ্ড সংঘটিত কৰিছে একাংশ নৰাধমে। পশ্চিমবংগৰ মালদাত উন্মত্ত একাংশ লোকে দুগৰাকী মহিলাক উলংগ কৰি মাৰধৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীৰ সন্মুখতে দুই আদিবাসী মহিলাক মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে। ছ’চিয়েল মিডিয়াত মহিলা দুগৰাকীক প্ৰহাৰৰ ঘটনা বিয়পি পৰাৰ লগে লগে ৰাজ্য আৰু দেশৰ ৰাজনীতিত জোকাৰণিৰ সৃষ্টি হৈছে। স্থানীয় সূত্ৰ অনুসৰি, মহিলা দুগৰাকীৰ ঘৰ মালদাৰ মাণিকচাক অঞ্চলত। আৰক্ষী প্ৰশাসনৰ মতে এই ঘটনা ১৯ জুলাইৰ পুৱা সংঘটিত হৈছিল। মহিলা দুগৰাকীৰ আত্মীয়ই কয় যে তেওঁলোকে নেমু বিক্ৰী কৰিবলৈ বংগৰ ভিন্ন প্ৰান্তলৈ গৈছিল। আনদিনাৰ দৰে সেইদিনাও মহিলা দুগৰাকীয়ে বামংগোলা পকুৱাহাটৰ সাপ্তাহিক বজাৰত নেমু বিক্ৰী কৰিবলৈ গৈছিল। পিছত মহিলা দুগৰাকীক চুৰিৰ অভিযোগত উলংগ কৰি মাৰপিট কৰে। ৫০ৰো অধিক পুৰুষ-মহিলাই অত্যাচাৰ চলায় মহিলা দুগৰাকীক। পশ্চিমবংগৰ বিজেপি নেতা অমিত মালব্যই এই ঘটনাৰ পিছত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক লক্ষ্য কৰি লয়। তেওঁ টুইটত লিখিছে- পশ্চিমবংগত আতংক অব্যাহত আছে। মালদাত দুগৰাকী জনজাতীয় মহিলাক উলংগ কৰি নিৰ্মম অত্যাচাৰ চলোৱা হ’ল। এই ঘটনাৰ সময়ত আৰক্ষী নীৰৱ দৰ্শক হৈ আছিল। কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়েও টুইটযোগে মমতাৰ চৰকাৰক লক্ষ্য কৰি লয়। ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰা হৈছে। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

You might also like