নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজ আকাশত বিমান কর্মীক কামোৰ মহিলাৰ

🔹 ইউনাইটেড এয়াৰলাইন্সৰ বিমানত সংঘটিত ঘটনাক লৈ তীব্র চাঞ্চল্য

বিশেষ বাৰ্তা, ১৫ জুলাই : মাজ আকাশত যাত্রী আৰু বিমান কর্মীৰ দুর্বাদল কাজিয়া৷ ক্ষুব্ধ হৈ কাজিয়াৰ মাজতে বিমান কর্মীৰ কান্ধত কামোৰ দিলে এগৰাকী মহিলা যাত্রীয়ে৷ পৰিস্থিতি এনে ভয়াৱহ হৈ পৰে যে মাজ পথতে পাইলটে জৰুৰী অৱতৰণ কৰিবলগীয়া হয় ইউনাইটেড এয়াৰলাইন্সৰ বিমানখন৷ এই ঘটনাক লৈ তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷ সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি মঙলবাৰে সন্ধিয়া আমেৰিকাৰ মিয়ামি বিমানবন্দৰৰ পৰা নিউ জার্ছি অভিমুখে যাত্রা কৰিছিল ইউনাইটেড এয়াৰলাইন্সৰ ৭৬২ বিমানখন৷ কিন্তু যাত্রা আৰম্ভ হোৱাৰ কিছু সময়ৰ ভিতৰতে অন্য যাত্রীসকলৰ প্রতি অদ্ভুত আচৰণ কৰিবলৈ ধৰে এগৰাকী মহিলা যাত্রীয়ে৷ এই যাত্রীগৰাকীক বাধা দিবলৈ যোৱা বিমান কর্মীৰ সৈতে আৰম্ভ হয় দুর্বাদল কাজিয়া৷ ইয়াৰ পিছতে বিমান কর্মীসকলৰ মুখামুখি হৈ আক্রমণৰ বাবে উদ্যত হয় মহিলা যাত্রীগৰাকী৷ মহিলাগৰাকীক বাধা দিবলৈ চেষ্টা কৰাৰ সময়তে এগৰাকী বিমান কর্মীৰ কান্ধত গৈ কামুৰি দিয়ে মহিলাগৰাকীয়ে৷ ঘটনাই গুৰুতৰ ৰূপ ধাৰণ কৰাৰ পূর্বে পাইলটে নিউ জার্ছিৰ পৰিৱর্তে বাধ্য হৈ বিমানখন জৰুৰীভাৱে অৱতৰণ কৰে অৰলাণ্ডো বিমানবন্দৰত৷ বিমানবন্দৰত আটক কৰা হয় যাত্রীগৰাকীক৷ ইফালে, বিমানৰ ভিতৰত সংঘটিত সেই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত৷ এই ঘটনা দেখি শংকিত হৈ পৰিছে বিমানৰ যাত্রীসকল৷ অ’ৰলাণ্ডোত মহিলাগৰাকীক আটক কৰি আৰক্ষীৰ হাতত গতাই দিয়া হয়৷ আৰক্ষীয়ে তাৎক্ষণিকভাৱে স্বাস্থ্য পৰীক্ষাৰ বাবে মহিলাগৰাকীক হাস্পতাললৈ লৈ যায়৷

You might also like