ন্যায়িক ব্যৱস্থাত নাৰী শক্তি বৃদ্ধিৰ প্রয়োজন : চিজেআই
বিশেষ বাৰ্তা, ৫ নৱেম্বৰ : মানসিকতা সলনিৰে দেশৰ ন্যায়িক ব্যৱস্থাত নাৰী শক্তি বৃদ্ধিৰ প্রয়োজন আহি পৰিছে৷ এই মন্তব্য উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়ৰ৷ নতুন দিল্লীত আয়োজিত হিন্দুস্তান টাইমছ লীডাৰশ্বিপ ছামিটত অংশ লৈ চি জে আই চন্দ্রচূড়ে কয় যে ন্যায়িক ব্যৱস্থাত মহিলাৰ নিযুক্তিৰ ক্ষেত্রত যি ধৰণৰ প্রক্রিয়া চলি আহিছে, সেয়া সম্প্রতি চিন্তা কৰিবলগীয়া বিষয়৷ কিয়নো, নাৰীৰ শিক্ষা এতিয়া নতুন শিখৰলৈ গৈছে৷ তথাপি আইনী পেছাত মহিলাসকলে নিযুক্তিৰ ক্ষেত্রত বাধাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ এই তথ্য বাতৰি কাকতসমূহত প্রকাশিত হৈ আছে৷ পৰিয়াল চলোৱাৰ লগতে সন্তানক লালন–পালনকে ধৰি সামাজিক দায়বদ্ধতা সঠিকভাৱে আগুৱাই নিব পৰা মহিলাৰ ক্ষেত্রত ন্যায়িক ব্যৱস্থাত কিয় অধিক গুৰুত্ব দিয়া হোৱা নাই৷ গতিকে মানসিকতা সলনি কৰিবই লাগিব আৰু ন্যায়িক ব্যৱস্থাত নাৰী শক্তিক বৃদ্ধি কৰিব লাগিব৷ উল্লেখ্য যে ভাৰতৰ উচ্চ ন্যায়ালয়ৰ ৭৩ বছৰীয়া ইতিহাসত মাত্র ৪ শতাংশ মহিলা ন্যায়াধীশ আছে৷