নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় দবাত নতুন ইতিহাস মহিলা গ্রেণ্ডমাষ্টাৰ হাম্পিৰ

🔹 দ্বিতীয়বাৰ বিশ্ব ৰেপিড দবাত চেম্পিয়ন মহিলা ক’নেইৰু

নিউজ ডেস্ক, ৩০ ডিচেম্বৰ : যোৱা বছৰ অলপৰ বাবে খিতাপৰ পৰা বঞ্চিত হৈছিল ক’নেইৰু হাম্পি৷ ৰাছিয়াৰ এনেষ্টেছিয়া ব’ডনাৰুকৰ হাতত টাইব্রেকাৰত পৰাজিত হৈ ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হৈছিল তেওঁ৷ ২০১৯ চনত প্রথমবাৰ বিশ্ব খিতাপ দখল কৰিছিল হাম্পিয়ে৷ এইবাৰ বিশ্ব ৰেপিড দবাত দ্বিতীয়বাৰ চেম্পিয়ন হয় এইগৰাকী ভাৰতৰ মহিলা গ্রেণ্ডমাষ্টাৰ৷ প্রতিযোগিতাৰ শেষ ৰাউণ্ডত আইৰিন সুকন্দৰক পৰাজিত কৰি খিতাপ নিশ্চিত কৰে হাম্পিয়ে৷ ২০১৯ চনতো বিশ্ব ৰেপিড দবাৰ খিতাপ দখল কৰিছিল ৩৭ বছৰীয়া দবাৰুগৰাকীয়ে৷ ইয়াৰ লগে লগে ভাৰতীয় দবাত তেওঁ নতুন ইতিহাস গঢ়িবলৈ সক্ষম হয়৷ কিছুদিন পূর্বেই ক্লাছিক দবাত বিশ্ব চেম্পিয়ন হৈছিল ভাৰতৰ ১৮ বছৰীয়া দবাৰু ডি গুকেশ৷ ভাৰতীয় দবাৰ সেই জয়যাত্রা অব্যাহত ৰাখে হাম্পিয়ে৷ বিশ্বৰ দ্বিতীয় মহিলা দবাৰু হিচাপে একাধিকবাৰ বিশ্ব ৰেপিড দবাত চেম্পিয়ন হৈছে তেওঁ৷ ইয়াৰ পূর্বে এই কৃতিত্ব আছিল কেৱল চীনৰ ঝু ৱেইনঝুনৰ৷ কালি নিউয়র্কত অনুষ্ঠিত প্রতিযোগিতাখনৰ অন্তিম ৰাউণ্ডত বিজয় কাঢ়ি আনে তেওঁ৷ ২০১২ চনত এই প্রতিযোগিতাখনত প্রথমবাৰ খেলি তৃতীয় স্থান অর্জন কৰিছিল হাম্পিয়ে৷ ইয়াৰ পিছত খিতাপৰ বাবে তেওঁ ২০১৯ চনপর্যন্ত অপেক্ষা কৰিবলগীয়া হৈছিল৷ ২০২৩ চনত খিতাপৰ যুঁজত পৰাজিত হ’লেও এইবাৰ অনুৰাগীক হতাশ নকৰিলে তেওঁ৷ ১১ ৰাউণ্ডৰ যুঁজত ভাৰতৰ ১ নম্বৰ স্থানৰ মহিলা গ্রেণ্ডমাষ্টাৰগৰাকীয়ে অর্জন কৰে ৮.৫ পইণ্ট৷ ইয়াৰ লগে লগে দ্বিতীয়বাৰ বিশ্ব ৰেপিড দবাত খিতাপ অর্জন কৰি তেওঁ ইতিহাস সৃষ্টি কৰে৷

You might also like