মহিলা আইপিএল : স্মৃতি মান্ধানাক ক্ৰয় ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰ
বিশেষ বাৰ্তা, ১৩ ফেব্রুৱাৰীঃ মহিলাৰ আই পি এলৰ নিলামত স্মৃতি মান্ধানাক ক্ৰয় কৰিলে আৰ চি বিয়ে৷ আজি অনুষ্ঠিত হয় খেলুৱৈৰ নিলাম৷ নিলামত প্রথমেই উত্থাপিত হয় স্মৃতিৰ নাম৷ তেওঁক কিনিবলৈ চেষ্টা চলায় চাৰিটা দলে৷ খেলুৱৈগৰাকীক পাবলৈ যুঁজ চলিছিল মূলতঃ মুম্বাই ইণ্ডিয়ানছ আৰু ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰ মাজত৷ তেওঁৰ বেছ প্রাইচ আছিল ৫০ লাখ টকা৷ কিন্তু শেষ পর্যন্ত ৩ কোটি ৪০ লাখ টকাত স্মৃতিক আৰ চি বিয়ে ক্রয় কৰে৷ নিলামত স্মৃতিয়েই সর্বাধিক মূল্যত বিক্রী হয়৷ সম্প্রতি দক্ষিণ আফ্রিকাত মহিলাৰ টি–২০ বিশ্বকাপ খেলি থকা মান্ধানাই কয়– ‘বাংগালুৰুৰ দৰে দলত স্থান পাই ভাল লাগিছে৷ আই পি এলৰ আৰম্ভণিৰ পৰা দলটোৱে খেলিছে৷ মোৰ ওপৰত ভৰসা ৰাখিছে বাংগালুৰুৱে৷ দলক ট্রফী দিবলৈ চেষ্টা কৰিম৷’ উল্লেখ্য যে ২০০৮ চনত পুৰুষৰ আই পি এলৰ নিলামত কোহলিক কিনিছিল আৰ চি বিয়ে৷ সেই সময়ত অৱশ্যে ১৯ বছৰ অনূর্ধ্ব বিশ্বকাপ জয় কৰি ভাৰতীয় ক্রিকেটত কোহলিয়ে পদার্পণ কৰিছিল৷ সেইবাবে তেওঁৰ দাম উঠিছিল ১ কোটি ২০ লাখ টকা৷ কিন্তু ইয়াৰ পিছত কোহলিৰ দৰ বৃদ্ধি পাইছে আৰু ২০১৮ৰ পৰা ২০২১ চনলৈ তেওঁ লাভ কৰিছিল ১৭ কোটিকৈ টকা৷ অৱশ্যে বিগত দুবছৰত তেওঁৰ মূল্য ১৫ কোটিলৈ হ্রাস পাইছে৷ পুৰুষৰ দৰে মহিলা দলতো এইবাৰ আৰ চি বিয়ে লাভ কৰিব ১৮নং জার্ছী পৰিধান কৰা মান্ধানাক৷