‘ মেড ইন ইণ্ডিয়া ’ৰ শক্তি দেখিলে বিশ্বই
🔹 ‘ মেড ইন ইণ্ডিয়া ’ৰ শক্তি দেখিলে বিশ্বই
🔹 ‘অপাৰেচন সিন্দূৰ’–এ ভাৰতবাসীৰ অন্তৰত জাগ্রত কৰিছে দেশপ্রেম
🔹 ‘মন কী বাত’ত প্রধানমন্ত্রী মোদী
নিউজ ডেস্ক, ২৬ মে’ : প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ৰেডিঅ’ৰ ‘মন কী বাত’ত শুনিবলৈ পোৱা গ’ল ‘অপাৰেচন সিন্দূৰ’ৰ প্রশংসা৷ ১২২সংখ্যক ‘মন কী বাত’ কার্যসূচীত কালি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে পেহেলগামত সন্ত্রাসবাদী আক্রমণৰ পিছত ভাৰতৰ প্রত্যাঘাত হিচাপে যি ‘অপাৰেচন সিন্দূৰ’ চলোৱা হৈছিল, তাত দেশীয় অস্ত্র ব্যৱহাৰৰ কথা উল্লেখ কৰে৷
প্রধানমন্ত্রী মোদীয়ে কয় যে ভাৰতত নির্মিত অস্ত্র, কৌশল আৰু প্রযুক্তি ব্যৱহাৰ কৰিয়েই ‘অপাৰেচন সিন্দূৰ’ত সফলতা লাভ কৰা হৈছে৷ সন্ত্রাসবাদ আৰু সন্ত্রাসবাদীবোৰক দমন কৰিবলৈ সমগ্র ভাৰত অংগীকাৰবদ্ধ বুলি উল্লেখ কৰি মোদীয়ে কয় যে সমগ্র ভাৰতবাসী সন্ত্রাসবাদীৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈছে৷ ‘অপাৰেচন সিন্দূৰ’ৰ জৰিয়তে ভাৰতে বিশ্ববাসীক ‘মেড ইন ইণ্ডিয়া’ৰ শক্তি দেখুৱাই দিলে বুলিও মন্তব্য কৰে মোদীয়ে৷
উল্লেখনীয় যে এই ‘অপাৰেচন সিন্দূৰ’ত সেনাৰ বীৰত্বৰ লগতে দেশীয় অস্ত্রৰ ব্যৱহাৰক প্রশংসা কৰা শুনিবলৈ পোৱা গ’ল মোদীৰ মুখত৷ প্রধানমন্ত্রীগৰাকীয়ে কয়– ‘আমাৰ বাহিনীয়ে নির্ভুলভাৱে সীমান্তৰ সিপাৰে থকা সন্ত্রাসবাদীৰ ঘাটি ধ্বংস কৰিছে৷ এই অভিযান অকল এক সামৰিক অভিযানেই নাছিল, এয়া আছিল আমাৰ সংকল্প, সাহস আৰু পৰিৱর্তনশীল ভাৰতৰ এক ঐক্যবদ্ধ ছবি৷ এই ছবি সমগ্র ভাৰতবাসীৰ দেশপ্রেমৰ অনুভূতিক ত্রিৰংগাৰ ৰঙেৰে ৰঙীন কৰি তুলিছে৷’ ‘অপাৰেচন সিন্দূৰ’ত ভাৰতীয় অস্ত্র আৰু সৰঞ্জাম ব্যৱহাৰ কৰা হৈছে বুলি উল্লেখ কৰে মোদীয়ে৷ দেশীয় অস্ত্রত সফলতা পোৱা গৈছে, যিয়ে দেশবাসীকো গর্বিত কৰিছে বুলি মোদীয়ে মন্তব্য কৰে৷
সন্ত্রাসবাদৰ বিৰুদ্ধে সমগ্র দেশবাসীক ঐক্যবদ্ধ হোৱাৰ লগে লগে এক বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে বুলি উল্লেখ কৰে প্রধানমন্ত্রীগৰাকীয়ে ৷ এই বিপৰীত ছবি পৰিৱর্তন হোৱা ভাৰতৰ ছবি বুলিও তেওঁ উল্লেখ কৰে৷ এই বিষয়টোক সন্মুখত ৰাখিয়েই দেশীয় পণ্যৰ ব্যৱহাৰৰ ওপৰত অধিক গুৰুত্ব দিবলৈ আহ্বান জনায় মোদীয়ে৷ ইফালে, ‘অপাৰেচন সিন্দূৰ’ৰ জৰিয়তে ভাৰতে বিশ্বজুৰি সন্ত্রাসবাদৰ বিৰুদ্ধে যুদ্ধত এক নতুন আত্মবিশ্বাসৰ সঞ্চাৰ কৰিবলৈ সক্ষম হোৱা বুলিও প্রধানমন্ত্রীগৰাকীয়ে ‘মন কী বাত’ত উল্লেখ কৰে৷ পেহেলগামত সন্ত্রাসবাদীৰ আক্রমণত ২৬জনৰ মৃত্যুৰ প্রত্যাঘাত হিচাপে ভাৰতীয় সেনাই ‘অপাৰেচন সিন্দূৰ’ চলাইছিল৷ পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত ৯টাকৈ সন্ত্রাসবাদী শিবিৰ ধ্বংস কৰিছিল ভাৰতে৷
‘অপাৰেচন সিন্দূৰ’ৰ সময়ত পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত সন্ত্রাসবাদী শিবিৰ ধ্বংসৰ উপগ্রহ ছবি কালি ‘মন কী বাত’ অনুষ্ঠানত দেখুৱায় মোদীয়ে৷ মোদীয়ে এই সন্দর্ভত মন্তব্য কৰে– ‘ভাৰতীয় সেনাৰ নিখুঁত আক্রমণত ধ্বংস হৈ গৈছে শত্রুৰ ঘাটি৷’ ইফালে, ‘অপাৰেচন সিন্দূৰ’ৰ পিছত সশস্ত্র বাহিনীক সন্মান জনাবলৈ দেশবাসীয়ে যি ত্রিৰংগা যাত্রাত অংশগ্রহণ কৰিছিল, তাক ভূয়সী প্রশংসা কৰে মোদীয়ে৷