বিমানবন্দৰত বোমাবর্ষণ : কথমপি প্রাণৰক্ষা বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীৰ
নিউজ ডেস্ক, ২৮ ডিচেম্বৰ : কথমপি প্রাণৰক্ষা পৰে বিশ্ব স্বাস্থ্য সংস্থা (হু)ৰ মুৰব্বী টেড্র’ছ আধানম ঘেব্রিয়েছাছৰ৷ য়েমেনত এক কার্যসূচীত অংশগ্রহণ কৰিবলৈ আহি ইজৰাইলৰ বোমাবর্ষণৰ মুখত পৰে বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীগৰাকী৷ মৃত্যুমুখৰ পৰা ঘূৰি আহিছে ঘেব্রিয়েছাছ৷ কিন্তু এই বোমাবর্ষণত প্রাণ গৈছে অন্য ২গৰাকী লোকৰ৷ দীর্ঘদিন ধৰি গাজাৰ লগতে একাধিক ফ্রণ্টত যুদ্ধ কৰি আছে ইজৰাইলী সেনাই৷ ইয়াৰ ভিতৰত য়েমেনত থকা ইৰান সমর্থিত বিদ্রোহী ‘হুথী’ৰ ঘাটি অন্যতম৷ ‘হুথী’ৰ বিৰুদ্ধে য়েমেনত সঘনে আক্রমণ চলাই আছে ইজৰাইলী সেনাই৷ পৰহি য়েমেনৰ ৰাজধানী ছানাৰ বিমানবন্দৰত বোমাবর্ষণ কৰে ইজৰাইলে৷ সেই সময়ত বিমানবন্দৰত উপস্থিত আছিল ‘হু’ৰ মুৰব্বী ঘেব্রিয়েছাছ৷