নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বজুৰি খাদ্য সংকটৰ সন্মুখীন ৮২ কোটি

নিয়মীয়া বাৰ্তা ১১ জুনঃ  ক’ভিড–১৯ মহামাৰীয়ে বিশ্বজুৰি বিভীষিকা চলাই থকা সময়তে ৰাষ্ট্রসংঘৰ সচিবপ্রধান এণ্টনি’ গুটেৰেছে সতর্কবাণী কৰিছে যে প্রয়োজনীয় খাদ্য তথা পুষ্টিৰ অভাৱত পৰা লোকৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পোৱাৰ আশংকাই দেখা দিছে৷

সচিবপ্রধানগৰাকীয়ে উল্লেখ কৰিছে যে বিশ্বত ৭.৮ শ কোটি জনসংখ্যাক খুৱাবলৈ যথেষ্ট পৰিমাণৰ খাদ্য আছে৷ কিন্তু বুধবাৰে ৮২ কোটিতকৈ অধিক লোকে ক্ষুধাৰ সৈতে সহবাস কৰিবলগীয়া হৈছে৷ বিশ্বজুৰি ১৪ কোটি ৪০ লাখ শিশু ভয়াৱহ ক্ষুধাৰ সন্মুখীন হোৱা বুলি উল্লেখ কৰিছে গুটেৰেছে৷ ইয়াৰে প্রতি পাঁচটা শিশুৰ ভিতৰত এটিৰ বয়স ৫ বছৰৰ তলত বুলি উল্লেখ কৰি গুটেৰেছে কয় যে খাদ্য সংকট এতিয়া পৃথিৱীৰ প্রান্তে প্রান্তে জটিল হৈছে৷ ইফালে, পৃথিৱীত এনে এক খাদ্য সংকটৰ সৃষ্টি হৈছে, আনফালে ক’ভিড–১৯ মহামাৰীয়ে পৰিস্থিতি জটিলৰ পৰা জটিলতৰ কৰি তুলিছে৷ সংবাদ সংস্থা জিনহুৱাৰ প্রতিবেদন অনুসৰি বিশ্বজুৰি বৃদ্ধি পোৱা দুর্ভিক্ষক লৈ উদ্বিগ্ণ এণ্টনি’ গুটেৰেছ৷

চলিত বর্ষটোত অতিৰিক্ত প্রায় পাঁচ কোটি লোক অতি ভয়ংকৰ দুর্ভিক্ষৰ কবলত পৰিব বুলি আশংকা কৰা হৈছে৷ এইক্ষেত্রত ৰাষ্ট্রসংঘৰ সচিবপ্রধানগৰাকীয়্ পৃথিৱীজুৰি দুর্গত লোকসকলৰ বাবে প্রয়োজনীয় খাদ্য তথা পুষ্টি যোগানৰ বিষয়টোক সকলো দেশে গুৰুত্ব প্রদান কৰিব লাগে বুলি ঘোষণা কৰিছে৷ স্মর্তব্য যে ক’ভিড–১৯ৰ আৰম্ভণিৰে পৰা সচিবপ্রধানগৰাকীয়ে সংকট সন্দর্ভত সতর্কবাণী কৰি আহিছে বিশ্ব জনতাক৷

You might also like