কাইলৈৰ পৰা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ : বিজয়ৰ লক্ষ্যৰে অভেলত যুঁজিব ৰোহিত বাহিনী
বিশেষ বাৰ্তা, ৬ জুনঃ অধিনায়ক হিচাপে দেশক প্রথম আইচিচি ট্রফী উপহাৰ দিবলৈ বদ্ধপৰিকৰ ৰোহিত শর্মা৷ তেওঁ কয় যে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত নমাৰ বাবে উদগ্রীব হৈ আছে ভাৰতীয় দল৷ অতীতৰ পৰা শিক্ষা গ্রহণ কৰি কাইলৈ অ’ভেলত নামিব টীম ইণ্ডিয়া৷ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত ভাৰতৰ প্রতিপক্ষ অষ্ট্রেলিয়া৷ সংবাদ মেলত ৰোহিতে কয়– ‘সকলোৱে দলক আগুৱাই নিব বিচাৰে৷ প্রত্যেক অধিনায়কে চেম্পিয়নশ্বিপত বিজীয় হ’ব খোজে৷ ময়ো তাৰ ব্যতিক্রম নহয়৷ পৰৱর্তী ৫ দিন আমাৰ বাবে অতিশয় গুৰুত্বপূর্ণ৷ আমি অধিক মনোযোগ দিব লাগিব৷ যোৱাবাৰৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত কি হৈছিল, আমাৰ মনত আছে৷ অতীতৰ কথা পাহৰি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ জয় কৰিবলৈ আমি উৎসুক হৈ আছোঁ৷’ উল্লেখ্য যে দীঘলীয়া সময় আইপিএল খেলিয়ে বিশ্ব টেষ্ট খেলিবলৈ আহিছে ভাৰতীয় দলটো৷ কিন্তু খেলুৱৈসকলৰ মাজত ক্লান্তি নাথাকিব বুলিয়েই দাবী কৰিছে অধিনায়কগৰাকীয়ে৷ সেইবোৰ ভাবি চাপ লোৱা অর্থহীন বুলিও তেওঁ অনুভৱ কৰে৷ ৰোহিতে কয় ‘আমি কেৱল মেচৰ ওপৰত গুৰুত্ব দিব বিচাৰোঁ৷ দলৰ বহুতেই এনে ধৰণৰ পৰিস্থিতিত খেলিছে৷ কোনো নহয় কোনো পর্যায়ত তেওঁলোকে অত্যধিক চাপৰ মাজত খেলিছে৷ মই পীটছ দেখিছোঁ৷ ইয়াৰ উইকেট পেচ বলাৰৰ সহায়ক৷ যোৱাবাৰ টেষ্টৰ অন্তিম দিনাও ৰিভার্ছ ছুইং হৈছিল৷’ ৰোহিতৰ এই মন্তব্যৰ পিছত ভাৰতে এগৰাকী স্পীনাৰেৰে খেলাটো প্রায় নিশ্চিত হৈছে৷ কাৰণ অধিনায়কগৰাকীয়ে জনাইছে যে পৰিৱেশৰ ওপৰত নির্ভৰ কৰিব দল গঠন৷ এই প্রসংগত তেওঁ কয় যে অশ্বিনে খেলিব নে নেখেলে, সেয়া পৰিৱেশ পর্যবেক্ষন কৰাৰ পিছতহে সিদ্ধান্ত লোৱা হ’ব৷ আনহাতে দুর্দান্ত ফর্মত থকা শুভমন গিলকো প্রশংসা কৰে ৰোহিতে৷ তেওঁক ক’বলগীয়া বিশেষ নাই বুলিও ৰোহিতে মন্তব্য কৰে৷ উল্লেখ্য যে মেচৰ আগদিনা বিকল্প অনুশীলন আছিল ভাৰতৰ৷ অনুশীলনত যোগ দিয়ে বিৰাট কোহলি, শুভমন গিল, ৰবীন্দ্র জাদেজা, ছেটেশ্বৰ পুজাৰা, অজিংক ৰাহানে, মহম্মদ ছামি, মহম্মদ ছিৰাজ আৰু শার্দুল ঠাকুৰে৷