ক’ত মুকলি হ’ল বিশ্বৰ প্রথম ১০–জি ইণ্টাৰনেট সেৱা
🔹 ইণ্টাৰনেট আন্তঃগাঁথনিৰ অত্যাধুনিক প্রযুক্তিৰে চমক
নিউজ ডেস্ক, ২২ এপ্রিল : প্রযুক্তি খণ্ডত চমক সৃষ্টি কৰি থকা ৰঙা চীনে এইবাৰ ইণ্টাৰনেট আন্তঃগাঁথনিৰ অত্যাধুনিক প্রযুক্তিৰে আন এক চমক সৃষ্টি কৰিলে৷ বিশ্বৰ প্রথম ১০–জি ব্র’ডবেণ্ড ইণ্টাৰনেট সেৱা মুকলি কৰি বিশ্বৰ আন আগশাৰীৰ দেশসমূহক এই প্রযুক্তিত অতিক্রম কৰিলে৷ দেশখনৰ হেবেই প্রদেশৰ ছুনান কাউণ্টিত প্রথমবাৰৰ বাবে বাণিজ্যিক ১০–জি ব্র’ডবেণ্ড প্রচলন কৰিছে৷ ১০ গিগাবাইট শক্তিসম্পন্ন এই নেটৱর্ক সেৱা টেলিকমিউনিকেচনৰ প্রখ্যাত কোম্পানী হুৱাৱে আৰু চৰকাৰী প্রতিষ্ঠান চীন ইউনিকমৰ সমন্বয়ত গঢ়ি তোলা হৈছে৷ এই ১০–জি ব্র’ডবেণ্ড নেটৱর্ক সেৱাত প্রতি ছেকেণ্ডত ৯,৮৩৪ মেগাবাইট ডাউনলোড কৰিব পাৰিব৷ অর্থাৎ প্রতি ছেকেণ্ডত ১০ গিগাবাইট ডাউনলোড কৰিব পাৰিব৷ তীব্র গতিসম্পন্ন ইণ্টাৰনেট সেৱাই দেশখনৰ লগতে বিশ্বৰ আন ব্র’ডবেণ্ড সেৱাক অন্য এক পর্যায়লৈ লৈ যাব৷ এই সেৱাত আপলোডৰ গতি হ’ব প্রতি ছেকেণ্ডত ১,০০৮ মেগাবাইট৷ বিশ্বজুৰি ডিজিটেল সেৱাৰ প্রাধান্য বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিততে দ্রুতগতিসম্পন্ন ইণ্টাৰনেট সেৱাৰ চাহিদা বৃদ্ধি পাইছে৷ ইয়াৰ প্রতি লক্ষ্য ৰাখিয়েই চীনে ১০–জি ইণ্টাৰনেট সেৱা মুকলি কৰিছে৷ পৰীক্ষণমূলকভাৱে চলি থকা এই সেৱাৰ সফলতাৰ পাছত সমগ্র দেশখনতে চৰকাৰে ১০–জি সেৱা বলৱৎ কৰিব৷ উল্লেখ্য যে অতি দ্রুতগতিসম্পন্ন পৰৱর্তী প্রজন্ম ৫০–জি পেছিভ অপটিকেল নেটৱর্ক (পিঅ’এন) প্রযুক্তি ব্যৱহাৰৰ লক্ষ্য লৈছে চীনে৷