নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অষ্ট্ৰেলিয়াৰ শিৰত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ মুকুট : চূড়ান্ত ব্যৰ্থ টীম ইণ্ডিয়া

বিশেষ বাৰ্তা, ১১ জুনঃ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত অষ্ট্রেলিয়াৰ হাতত ২০৯ ৰানত লজ্জাজনক পৰাজয় ভাৰতৰ৷ দ্বিতীয় ইনিংছত ২৩৪ ৰানতে অলআউট হয় ৰোহিত শর্মাৰ দলটো৷ চতুর্থ দিনাৰ অন্তত ৩ উইকেটত ভাৰতৰ ৰান আছিল ১৬৪৷ আজি মাত্র ৭০ ৰানতে ৭ উইকেট হেৰুৱাই তাৰকাখচিত ভাৰতীয় দলটোৱে দলত ৰোহিত শর্মা, বিৰাট কোহলি, শুভমন গীল, চেটেশ্বৰ পূজাৰা আৰু আজিংক্য ৰাহানৰ দৰে তাৰকা থকা সত্বেও এটা ইনিংছতো ৩০০ ৰান কৰিব নোৱাৰিলে ভাৰতে৷ ফলত আইচিচি ট্রফীত পুনৰ ব্যর্থ হ’ল দলটো৷ ইয়াৰ বিপৰীতে পুনৰবাৰ নিজৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰিলে অষ্ট্রেলিয়াই৷ আইপিএলৰ ছন্দ টেষ্ট বিশ্বকাপত অব্যাহত ৰখাত ব্যর্থ হয় কোহলি আৰু গীল৷ অধিকাংশ ভাৰতীয় ক্রিকেটাৰে একেৰাহে দুমাহ আইপিএলৰ মেচ খেলাৰ পিছত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত নামিছিল৷ সেইটোকে ভাৰতৰ পৰাজয়ৰ অন্যতম কাৰণ হিচাপে চিহ্ণিত কৰিছে বিশেষজ্ঞসকলে৷ আজি পুৱাৰ ভাগতে ভাৰতৰ লজ্জাজনক বেটিং প্রত্যেক্ষ কৰিলে ক্রিকেট অনুৰাগীয়ে৷ ধাৰণা কৰা হৈছিল অন্তিমদিনা অন্ততঃ শেষলৈকে যুঁজ দিব ভাৰতীয় দলটোৱে৷ কিন্তু দিনটোৰ আৰম্ভণিতে অষ্ট্রেলিয়াৰ বলাৰৰ ওচৰত আত্মসমর্পণ কৰিলে ভাৰতীয় বেটাৰসকলে৷ জয়লাভৰ বাবে ৪৪৪ ৰানৰ লক্ষ্য সন্মুখত লৈ পঞ্চমদিনা মধ্যাহ্ণ ভোজনৰ পূর্বেই অলআউট হয় ভাৰত৷ ফলত ২০৯ ৰানত পৰাজিত হয় ৰোহিতবাহিনীয়ে৷ প্রথম ইনিংছত সুন্দৰ বেটিং কৰা ৰবীন্দ্র জাদেদা আৰু ছার্দুল ঠাকুৰে দ্বিতীয় ইনিংছত শূন্য ৰানতে বিদায় লয়৷ ৰাহানেই ১০৮টা বলত ৪৬ ৰান কৰি কিছু প্রত্যাহ্বানৰ সৃষ্টি কৰিলেও পুৱাৰ ভাগতেই উভতি যায় বিৰাট কোহলি৷ চতুর্থ দিনাৰ অন্তত ৪৪ ৰানত অপৰাজিত থকা কোহলিয়ে ৫ ৰান যোগ দি ৪৯ ৰানত বিদায় লয়৷ এটা অভাৰৰ তিনিটা বলত দুটা উইকেট দখল কৰি আজি অষ্ট্রেলিয়াক বিজয়ৰ দিশে আৰু এখোজ আগুৱাই নিয়ে হেজলউদৰ পৰিৱর্তে খেলা স্ক’ট ব’লেণ্ডে৷ তেওঁ এটা অভাৰতে কোহলি আৰু জাদেদাৰ উইকেট দখল কৰে৷ শেষৰ ফালে শ্রীকৰ ভৰতে ২৩ ৰান কৰে৷ ভাৰতৰ টেইলএণ্ডাৰ বেটাৰসকলক বিদায় দিবলৈ অধিক সময়ৰ প্রয়োজন নহ’ল অষ্ট্রেলিয়ান বলাৰসকলৰ৷ নাথান লি’নে চাৰিটা উইকেট লোৱাৰ বিপৰীতে ব’লেণ্ডে দখল কৰে তিনিটা উইকেট৷ লিঅ’নৰ স্পেলৰ প্রতি লক্ষ্য ৰাখি সহজেই অনুমান কৰিব পাৰি ৰবিচন্দ্রন অশ্বিনক মূল একাদশত নৰখাটো ভাৰতৰ বাবে আছিল এক বৃহৎ ভুল সিদ্ধান্ত৷

You might also like