নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৌসেনাৰ মুৰব্বী–বিজ্ঞানীক অপসাৰণ জিনপিঙৰ

🔹 চীনত সামৰিক বাহিনীত বিদ্রোহৰ শংকা ঘনীভূত

নিউজ ডেস্ক, ২৯ জুন : চীনৰ পিপলছ লিবাৰেচন আর্মী, চমুকৈ পিএলএৰ বিদ্রোহৰ শংকা ঘনীভূত হৈছে৷ ইয়াকে লৈ কঠোৰ পদক্ষেপ গ্রহণ কৰি ৰাষ্ট্রপতি ঝি জিনপিঙে সামৰিক বাহিনীৰ দুই শীর্ষ বিষয়াক অপসাৰণ কৰিছে৷

চীনৰ নৌ-বাহিনীৰ মুৰব্বী আৰু এগৰাকী পাৰমাণৱিক বিজ্ঞানীক অপসাৰণ কৰিছে ৰাষ্ট্রপতি জিনপিঙে৷ বিগত কেইবামাহো ধৰি চলি থকা পিএলএৰ মাজত অন্তঃকন্দলৰ সমাধান হিচাপে ৰাষ্ট্রপতিগৰাকীয়ে কঠোৰ পদক্ষেপ গ্রহণ কৰি নৌ-বাহিনীৰ মুৰব্বী এডমিৰেল লু হানজুম আৰু জ্যেষ্ঠ পাৰমাণৱিক বিজ্ঞানী লিউ ছিপেঙক দেশখনৰ শীর্ষ কমিটীৰ পৰা অপসাৰণ কৰিছে৷ নেচনেল পিপলছ কংগ্রেছৰ ষ্টেণ্ডিং কমিটীয়ে শুকুৰবাৰে ঘোষণা কৰা মতে নৌ-বাহিনীৰ ছার্ভিচমেন কংগ্রেছে লু হানজুমক অপসাৰণ কৰা হৈছে বুলি প্রকাশ কৰিছে৷ হানজুমক চতুর্দশ নেচনেল পিপলছ কংগ্রেছৰ প্রতিনিধিত্বৰ পৰাও আঁতৰ কৰা হৈছে৷ ঠিক তেনেদৰে পাৰমাণৱিক বিজ্ঞানী লুই চিপেঙক গাঞ্জু প্রভিঞ্চিয়েল পিপলছ কংগ্রেছৰ পৰা বহিষ্কাৰ কৰা হৈছে৷

উল্লেখ্য যে ৬০ বছৰীয়া লু হানজুমে কেন্দ্রীয় সামৰিক আয়োগৰ প্রশিক্ষণ আৰু প্রশাসন বিভাগৰ উপ-সঞ্চালক হিচাপে দায়িত্ব গ্রহণ কৰি থকাৰ পিছত নৌ-বাহিনীৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছে৷ বিভাগটোৰ সংস্কাৰ আৰু সাংগঠনিক পুনৰ গঠনৰ বাবে কাম কৰি থকা লু হানজুমৰ স্থিতিক লৈ ক্ষুণ্ণ হৈ ৰাষ্ট্রপতি জিনপিঙে এই সিদ্ধান্ত গ্রহণ কৰা বুলি চর্চা লাভ কৰিছে৷

You might also like