নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

PLA-ৰ নিৰাপত্তাত আমেৰিকাত ঝি জিনপিঙৰ দুহিতা

চীনৰ ৰাষ্ট্রপতিগৰাকীৰ কন্যাগৰাকীয়ে আমেৰিকাত অতি ব্যক্তিগত জীৱন কটাই আছে

PLA-ৰ নিৰাপত্তাত আমেৰিকাত ঝি জিনপিঙৰ দুহিতা

নিউজ ডেস্ক, ৩১ মে’ : চীনৰ ৰাষ্ট্রপতি ঝি জিনপিঙৰ কন্যা ঝি মিংগেই পিএলএৰ নিৰাপত্তাত আমেৰিকা যুক্তৰাষ্ট্রত বসবাস কৰি থকা তথ্য পোহৰলৈ আহিছে৷ এমএজিএ কর্মী লৌৰা লুমাৰে সামাজিক মাধ্যম এক্সত চীনৰ ৰাষ্ট্রপতিগৰাকীৰ কন্যাই দেশখনৰ সেনাৰ নিৰাপত্তাত আমেৰিকাৰ মাছাছুচেটত বসবাস কৰি আছে৷ লৌৰা লুমাৰৰ এই তথ্যই সম্প্রতি আমেৰিকাৰ লগতে বিশ্বত আলোড়নৰ সৃষ্টি কৰিছে৷

এমএজিএ কর্মীগৰাকীয়ে সামাজিক মাধ্যমত এই কথাও স্পষ্ট কৰি দিছে যে তেওঁ চীনৰ ৰাষ্ট্রপতিৰ কন্যাগৰাকীক লগ পাইছে৷ এক্সত উল্লেখ কৰা মতে তেওঁ চীনৰ ৰাষ্ট্রপতিৰ কন্যাগৰাকীৰ সৈতে বার্তালাপ কৰি এই তথ্য লাভ কৰিবলৈ সক্ষম হৈছে৷ উল্লেখ্য যে চীনৰ ৰাষ্ট্রপতিগৰাকীৰ কন্যাগৰাকীয়ে আমেৰিকাত অতি ব্যক্তিগত জীৱন কটাই আছে৷

চীনা কর্তৃপক্ষই তেওঁৰ পিতৃৰ পৰিচয় লুকাই ৰাখিছে৷ সংবাদ মাধ্যমত প্রচাৰিত তথ্য অনুসৰি জিনপিঙৰ কন্যা ঝি মিংগে হার্ভার্ড বিশ্ববিদ্যালয়ত ২০১০ চনৰ পৰা ২০১৪ চনলৈকে মনস্তত্ত্ব বিজ্ঞানত অধ্যয়ন কৰিছিল আৰু উক্ত বিশ্ববিদ্যালয়ৰ পৰাই এই বিষয়ত স্নাতক ডিগ্রী লাভ কৰিছিল৷ হাংঝু বিদেশী ভাষাৰ স্কুলত অধ্যয়ন কৰা কন্যাগৰাকীয়ে তাতেই ফৰাচী ভাষা আয়ত্ত কৰিছিল৷

স্নাতক ডিগ্রী লাভ কৰাৰ পিছত চীনলৈ গৈ পুনৰ আমেৰিকালৈ উভতি আহি বর্তমান তাতেই বসবাস কৰি আছে৷ চীনৰ ৰাষ্ট্রপতিৰ কন্যাক লৈ মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে কি পদক্ষেপ গ্রহণ কৰে, তাক লৈ চর্চা আৰম্ভ হৈছে৷ কিয়নো আমেৰিকাই চীনৰ শিক্ষার্থীৰ ভিছা বাতিলৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ চীন কমিউনিষ্ট পার্টীৰ সৈতে জড়িত থকাৰ লগতে চৰকাৰী বিষয়াৰ কাম–কাজৰ সৈতে জড়িত শিক্ষার্থীৰ ভিছা বাতিল কৰিব৷

You might also like