নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাকৰি বচাবলৈ ঋণ লৈ নাকৰ অস্ত্রোপচাৰ তৰুণীৰ

🔹 চীনৰ কোম্পানীত অকল্পনীয় প্রতাৰণাৰ ঘটনা

নিয়মীয়া ডিজিটেল ডেস্ক, ৫ জানুৱাৰী : নাভুত–নাশ্রুত ঘটনাবোৰ কেৱল সংঘটিত হয় চীনত !  প্রতাৰণাৰ এনে কাহিনী সচৰাচৰ দেখা নাযায়৷ তৰুণী ৰিচিপছ’নিষ্টক অধিক সুন্দৰী হ’বলৈ জোৰ কৰি নাকৰ অস্ত্রোপচাৰ কৰালে মালিক পক্ষই৷ ইয়াৰ বাবে কোম্পানীৰ পৰাই ২.৯ লাখ টকা ঋণ ল’বলগীয়া হ’ল তৰুণীয়ে৷ কিন্তু অস্ত্রোপচাৰৰ পাছতে কোম্পানীৰ পৰা এই তৰুণীক বিদায় দিয়া হ’ল৷ এতিয়া সৰ্বস্ব হেৰুৱাই উচ্চ সুদৰ হাৰৰ ঋণ আদায় দিবলৈ মূৰত হাত দিবলগীয়া হৈছে তৰুণীগৰাকীয়ে৷ যোৱা নৱেম্বৰত এটা সংস্থাত যোগদান কৰিছিল তৰুণীগৰাকীয়ে৷ সংস্থাৰ দুগৰাকী মালিকে অধিক সুন্দৰী হ’বলৈ নাকৰ অস্ত্রোপচাৰৰ বাবে ২৫ হাজাৰ য়েন অর্থাৎ ভাৰতীয় মুদ্রাৰ হিচাপত ২.৯ লাখ টকা ঋণ দিয়ে৷ অস্ত্রোপচাৰ হৈ গ’ল যদিও তৰুণীগৰাকীক কৌশলেৰে কোম্পানীৰ পৰা চাটাই কৰা হ’ল৷ এই ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্য৷

You might also like