কনিষ্ঠতম : বিশ্ব দবাত ইতিহাস ৰচি খিতাপ জিনিলে ভাৰতৰ ডি গুকেশে
📌 দেশৰ ক্রীড়া জগতত আনন্দৰ লহৰ, প্ৰধানমন্ত্ৰী মোদীৰ অভিনন্দন
📌 মৰণপণ চতুর্দশ গেমত বিজয় সাব্যস্ত কৰি ৭.৫ পইণ্টেৰে বিশ্ব জয় চেন্নাইৰ তৰুণ দবাৰুৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৩ ডিচেম্বৰঃ দবা বিশ্বত নতুন ইতিহাস সৃষ্টি কৰিলে ভাৰতে৷ কনিষ্ঠতম হিচাপে বিশ্ব চেম্পিয়নৰ সন্মান অর্জন কৰিলে ভাৰতীয় দবাৰু ডি গুকেশে৷ ফাইনেলত প্রতিপক্ষ চীনৰ ডিং লিৰেনক কঠিন প্রতিদ্বন্দ্বিতাৰ অন্তত পৰাজিত কৰে ভাৰতীয় খেলুৱৈগৰাকীয়ে৷ মাত্র ১৮ বছৰ বয়সতে বিশ্ব চেম্পিয়নৰ মুকুট উঠে ভাৰতীয় গ্রেণ্ড মাষ্টাৰগৰাকীৰ শিৰত৷ ইতিহাস সৃষ্টি কৰাৰ পিছত আৱেগ ধৰি ৰাখিব নোৱাৰিলে ভাৰতীয় যুৱ দবাৰুগৰাকীয়ে৷ তেওঁৰ দুচকুৰে বৈ আহিল আনন্দ অশ্রু৷ বিশ্ব চেম্পিয়নশ্বিপৰ ফাইনেলত প্রথম তিনিটা গেমত মেচৰ ভাগ্য পেণ্ডুলামৰ দৰে ওলমি আছিল৷ প্রথম অৱস্থাত অগ্রগতি লাভ কৰিছিল চীনা দবাৰুগৰাকীয়ে৷ কিন্তু লাহে লাহে ইটোৰ পিছত সিটো গেম দখল কৰি খিতাপৰ যুঁজত প্রত্যাৱর্তন ঘটায় গুকেশে৷ মেচৰ একেবাৰে শেষৰ ফালে আহি সামান্য ভুলৰ পৰিণতি ভোগ কৰিবলগীয়া হয় ভাৰতীয় দবাৰুগৰাকীয়ে৷ ফলত বিশ্ব চেম্পিয়নশ্বিপৰ যুঁজত সমতালৈ উভতি আহে চীনা প্রতিযোগীগৰাকী৷ ১৩নং গেমৰ অন্তত দুই দবাৰুৰ স্ক’ৰ আছিল ৬.৫৷ চতুর্দশ গেমতো দুয়োগৰাকী খেলুৱৈৰ বাবে আছিল মৰণপণ যুঁজ৷ কাৰণ সেই গেমটোত বিজয়ী হ’লেই হাতৰ মুঠিলৈ আহিব বিশ্ব চেম্পিয়নৰ খিতাপ৷ সেইবাবে খেলৰ আৰম্ভণিৰ পৰাই ইটোৰ পিছত সিটো সুন্দৰ চাল আগবঢ়ায় গুকেশে৷ আৰম্ভণিৰ পৰাই দবাৰ ব’ৰ্ডত আধিপত্য বিস্তাৰ কৰিছিল তেওঁ৷ কিন্তু মাজে–সময়ে লিৰেনে প্রত্যাৱর্তনেৰে গুকেশৰ ওপৰত চাপ বৃদ্ধি কৰে চীনা খেলুৱৈগৰাকীয়ে৷ একেবাৰে শেষ মুহূর্তত বিজয় নিশ্চিত কৰে গুকেশে৷ ৭.৫ পইণ্টেৰে বিশ্ব চেম্পিয়ন হয় তেওঁ৷ উল্লেখ্য যে যোৱাবাৰ দবাৰ বিশ্ব চেম্পিয়ন আছিল লিৰেন৷ কিন্তু প্রথমবাৰ বিশ্ব চেম্পিয়নশ্বিপত খেলিবলৈ নামিয়েই তেওঁক পৰাস্ত কৰে ভাৰতীয় খেলুৱৈগৰাকীয়ে৷ কনিষ্ঠতম হিচাপে বিশ্ব চেম্পিয়নৰ খিতাপ অর্জন কৰি গেৰী কাছপাৰভৰ অভিলেখ ভংগ কৰে তেওঁ৷ বিশ্বনাথন আনন্দৰ পিছত দ্বিতীয়গৰাকী ভাৰতীয় হিচাপে বিশ্ব চেম্পিয়ন হয় গুকেশ৷ উল্লেখ্য যে চলিত বর্ষতে ইতিহাস গঢ়ি দবা অলিম্পিয়াডত চেম্পিয়ন হৈছিল ভাৰত৷ সেই দলৰ সদস্য আছিল চেন্নাইৰ তৰুণ দবাৰুগৰাকী৷ মন কৰিবলগীয়া যে ভাৰতৰ প্রথম গ্রেণ্ড মাষ্টার্ছ তথা প্রাক্তন বিশ্ব চেম্পিয়ন বিশ্বনাথনৰ চহৰ চেন্নাইতে জন্ম গুকেশৰ৷ পিতৃ চিকিৎসক আৰু মাতৃ মাইক্র’বায়’লজিষ্ট৷ সাত বছৰ বয়সতে দবা খেলিবলৈ আৰম্ভ কৰা গুকেশে ৯ বছৰ অনূর্ধ্ব এছিয়ান স্কুল দবা প্রতিযোগিতাত চেম্পিয়ন হৈছিল৷ অনূর্ধ্ব ১২ বছৰ স্তৰতো তেওঁ বিভিন্ন প্রতিযোগিতাত ৫টা স্বর্ণপদক জয় কৰিছিল৷ মাত্র ১২ বছৰ ৭ মাহ ১৭ দিন বয়সতে তেওঁ গ্রেণ্ড মাষ্টাৰৰ যোগ্যতা অর্জন কৰে৷ ভাৰতৰ কনিষ্ঠতম আৰু বিশ্বৰ দ্বিতীয় কনিষ্ঠতম হিচাপে গ্রেণ্ড মাষ্টাৰ হয় গুকেশ৷ উল্লেখ্য যে ১২ বছৰ ৭ মাহ বয়সত গ্রেণ্ড মাষ্টাৰ হৈছিল ৰাছিয়াৰ ছের্গে কাৰজাকিন৷ ভাৰতীয় দবাত গুকেশৰ উত্থান আছিল উল্কাৰ দৰে গতিময়৷ ২৬ বছৰ পিছত আনন্দক অতিক্রম কৰি ভাৰতৰ ১নং দবাৰু হয় গুকেশ৷ ১১ বছৰ বয়সতে গুকেশে কৈছিল যে তেওঁ সর্বকনিষ্ঠ হিচাপে বিশ্ব চেম্পিয়ন হ’ব বিচাৰে৷ সেই সময়ত গ্রেণ্ড মাষ্টাৰ হোৱা নাছিল যুৱ দবাৰুগৰাকীয়ে৷ কিন্তু ১১ বছৰ বয়সত কোৱা সেই কথা সঁচা প্রমাণিত কৰি ১৮ বছৰ বয়সতে বিশ্বৰ কনিষ্ঠতম হিচাপে চেম্পিয়ন হয় তেওঁ৷ ২০২২ চনত অলিম্পিয়াডত একক বিভাগত স্বর্ণজয় কৰিছিল গুকেশে৷ ২০২৩ চনত আটাইতকৈ কম বয়সত ২৭৫০ ৰেটিং পইণ্টত উপনীত হয় তেওঁ৷ সেই বছৰৰেই ছেপ্ঢেম্বৰত আনন্দক অতিক্রম কৰি ভাৰতীয়সকলৰ ভিতৰত ক্রম তালিকাত শীর্ষস্থানলৈ উন্নীত হয় গুকেশ৷ এইবাৰ সর্বকনিষ্ঠ হিচাপে বিশ্ব চেম্পিয়নৰ খিতাপ অর্জনেৰে তেওঁ ইতিহাস সৃষ্টি কৰিলে৷ ছিংগাপুৰত অনুষ্ঠিত প্রতিযোগিতাখনত এই ঐতিহাসিক বিজয়ৰ পিছতে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে গুকেশলৈ অভিনন্দন জ্ঞাপন কৰে৷