নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৬০টা কুকুৰ ধৰ্ষণ কৰি হত্যা ! আসুৰিক অপৰাধত ২৪৯ বছৰৰ কাৰাদণ্ড প্ৰাণী বিজ্ঞানীক

বিশেষ বাৰ্তা, ১৫ জুলাই : অষ্ট্ৰেলিয়াৰ উচ্চতম ন্যায়ালয়ে দোষী সাব্যস্ত কৰিছে ব্ৰিটিছ প্ৰাণী বিজ্ঞানী এডাম ব্ৰিটনক। ৬০টাতকৈও অধিক কুকুৰক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগত  ঘঁৰিয়াল বিশেষজ্ঞ এডামক ২৪৯ বছৰৰ কাৰাদণ্ড বিহা হ’ব। যদিও এডামৰ অধিবক্তাই অহা বৃহস্পতিবাৰলৈকে সময় বিচাৰিছে। সেইদিনা অধিবক্তাগৰাকীয়ে এডামৰ হৈ চূড়ান্ত প্ৰতিবেদন দাখিল কৰিব আদালতত। ইয়াৰ পিছত আদালতে আনুষ্ঠানিকভাৱে ২৪৯ বছৰৰ কাৰাদণ্ডৰ শাস্তি ঘোষণা কৰিব। বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত নিৰ্বোধ পশুৰ ওপৰত চলা এই জঘন্য ঘটনা পোহৰলৈ আহিছিল । তেতিয়াই প্ৰাণী বিজ্ঞানী এডাম ব্ৰিটনৰ বিৰুদ্ধে অসংখ্য কুকুৰ ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল। প্ৰাণী বিজ্ঞানী হিচাপে পৰিচিত এডাম ব্ৰিটনৰ কাষত নিজৰ পোহনীয়া জন্তুবোৰ নিৰাপদে এৰি গৈছিল পশুৰ গৰাকীয়ে। এডামে তাৰেই সুযোগ ব্যৱহাৰ কৰিছিল। মৃত্যুৰ আগমুহূৰ্তলৈকে কুকুৰবোৰক নিৰ্যাতন চলাইছিল তেওঁ। এডামে কুকুৰৰ পুৰণি ফটো অন্য প্ৰদেশ বা চহৰত থকা কুকুৰৰ গৰাকীলৈ প্ৰেৰণ কৰিছিল যদিও সেই সময়লৈকে এডামৰ অত্যাচাৰত কুকুৰৰ মৃত্যু হৈছিল। এডামে কুকুৰবোৰক নিৰ্যাতন চলাবলৈ এটা শ্বিপিং কণ্টেইনাৰ ব্যৱহাৰ কৰিছিল। তেওঁ নিজেই সেইটোৰ নাম দিছিল ‘যন্ত্ৰণা ঘৰ’। তাতেই মাহৰ পিছত মাহ ধৰি কুকুৰবোৰক নিৰ্যাতন চলাই হত্যা কৰিছিল প্ৰাণী বিজ্ঞানীজনে। আনকি এডামে সেই অপৰাধৰ ভিডিঅ’ও কৰি ৰাখিছিল। শুনানিৰ সময়ত আদালতত ভিডিঅ’ চলোৱাৰ পূৰ্বে ন্যায়াধীশে আদালত কক্ষ মুকলি কৰি দিয়ে। যিহেতু বহু পশুপ্ৰেমীয়ে সেই নিষ্ঠুৰতাক সহ্য কৰিব নোৱাৰে। আদালতৰ শুনানিৰ সময়ত চৰকাৰী অধিবক্তাগৰাকীয়ে দাবী কৰে যে এডাম বেদনাদায়ক যৌন সম্পৰ্কৰ প্ৰতি আসক্ত। ১৮ মাহত ৬০টাতকৈও অধিক কুকুৰক নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে এডামৰ বিৰুদ্ধে। এডামৰ অধিবক্তাগৰাকীয়ে যুক্তি দিয়ে যে এডামে মানসিক স্বাস্থ্যৰ চিকিৎসা গ্ৰহণ কৰি আছে। অৰ্থাৎ সুস্থ মস্তিষ্কত এডামে এনেকুৱা কাম নকৰে বুলি দাবী কৰিছে। কিন্তু ইয়াৰ পিছতো এডামক পশুৰ ওপৰত চলোৱা নিষ্ঠুৰতাৰ অভিযোগত দোষী সাব্যস্ত কৰা হয়। এই অভূতপূৰ্ব গোচৰত বৃহস্পতিবাৰে ২৪৯ বছৰৰ কাৰাদণ্ড লাভ কৰিবলৈ ওলাইছে প্ৰাণী বিজ্ঞানীগৰাকীয়ে।

You might also like