নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চন্দ্রৰ দক্ষিণ মেৰুত অক্সিজেনৰ সন্ধান পালে ৰ’ভাৰ প্রজ্ঞানে

🔹 ছালফাৰৰ উপস্থিতিৰ নিশ্চিতি প্রজ্ঞানৰ
বিশেষ বাৰ্তা, ৩০ আগষ্ট : চন্দ্রৰ দক্ষিণ মেৰুপৃষ্ঠত ছালফাৰৰ উপস্থিতি নিশ্চিত কৰিলে ৰ’ভাৰ প্রজ্ঞানে৷ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, চমুকৈ ইছৰ’ৱে আজি পুৱা টুইটযোগে ভাল খবৰ শীঘ্রে আহিব বুলি ঘোষণা কৰাৰ কেইঘণ্টামানৰ মূৰকত ৰ’ভাৰ প্রজ্ঞানৰ দ্বাৰা চন্দ্রৰ দক্ষিণ মেৰুপৃষ্ঠত ছালফাৰৰ উপস্থিতি নিশ্চিতি প্রকাশ কৰিছে৷ প্রাৰম্ভিক বিশ্লেষণত চন্দ্রপৃষ্ঠত অক্সিজেনৰো সন্ধান পোৱা গৈছে৷ অর্থাৎ অক্সিজেন চিনাক্ত কৰা হৈছে৷ যোৱা ২৩ আগষ্টত চন্দ্রৰ দক্ষিণ মেৰুপৃষ্ঠত বিক্রম লেণ্ডাৰে সুৰক্ষিত অৱতৰণ কৰাৰ পাছৰে পৰা চন্দ্রপৃষ্ঠত বিক্রম লেণ্ডাৰ আৰু ৰ’ভাৰ প্রজ্ঞানে নিজৰ নির্ধাৰিত পৰিকল্পনা মতে অন্বেষণৰ যাত্রাত আগবাঢ়ি আছে৷ ৰ’ভাৰ প্রজ্ঞানে বিক্রম লেণ্ডাৰলৈ প্রেৰণ কৰা তথ্য বিশ্লেষণ কৰি ইছৰ’ৱে চন্দ্রৰ দক্ষিণ মেৰুপৃষ্ঠত ছালফাৰৰ উপস্থিতি নিশ্চিত কৰিলে৷ ই হৈছে চন্দ্রৰ দক্ষিণ মেৰুপৃষ্ঠত প্রাৰম্ভিক বিশ্লেষণত লাভ কৰা প্রথমটো গুৰুত্বপূর্ণ তথ্য৷ আনপিনে, প্রজ্ঞানে সংগ্রহ কৰা তথ্যৰ প্রাৰম্ভিক বিশ্লেষণত চন্দ্রপৃষ্ঠত ছালফাৰৰ উপৰি এলুমনিয়াম, কেলছিয়াম, আইৰন, ক্র’মিয়াম, টিটানিয়াম থকাটো প্রায় নিশ্চিত হৈছে৷ তদুপৰি এক বিশ্লেষণত মেংগানিজ, ছিলিকন আৰু অক্সিজেনৰ উপস্থিতিও ধৰা পৰা বুলি ইছৰ’ৱে প্রকাশ কৰিছে৷ ৰ’ভাৰ প্রজ্ঞান সম্প্রতি হাইড্র’জেনৰ সন্ধানত ব্রতী হৈ আছে৷ বিক্রম আৰু প্রজ্ঞানে অহৰহ চন্দ্রপৃষ্ঠত অজানা তথ্যৰ সন্ধানত আগবাঢ়ি থকা বুলি ইছৰ’ৱে প্রকাশ কৰি মহাকাশ বিজ্ঞানত ইয়ে নতুন গতি আনি দিব বুলি মন্তব্য কৰিছে৷

You might also like