নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম আৰক্ষীত ৩৩২ চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ১৫ ছেপ্টেম্বৰ
অসম পুলিচ ব’ৰ্ডাৰ অর্গেনাইজেচনৰ বাবে ৩৩২টা পৰিদর্শক (বি), উপ–পৰিদর্শক (বি), মুখ্য কনিষ্টবল (বি) আৰু কনিষ্টবল (বি) পদৰ বাবে অর্হতাসম্পন্ন আৰু ইচ্ছুক প্রার্থীৰ পৰা আবেদন আহ্বান কৰিছে৷ অৱসৰপ্রাপ্ত আৰু উপযুক্ত আর্মী/নেভী আৰু বায়ুসেনা বিভাগত কাম কৰা লোকেও আবেদন জনাব পাৰিব৷ পৰিদর্শক (বি)ৰ খালী পদৰ সংখ্যা ২টা৷ দৰমহাৰ নিৰিখ ২২ হাজাৰ টকাৰ পৰা ৯৭ হাজাৰ টকা৷ গ্রেড পে’ ১০,৩০০ টকা৷ উপ–পৰিদর্শক (বি)ৰ খালী পদৰ সংখ্যা ৬০টা৷ দৰমহাৰ নিৰিখ ১৪ হাজাৰ টকাৰ পৰা ৬০,৫০০ টকা৷ গ্রেড পে’ ৮,৭০০ টকা৷ হেড কনিষ্টবল (বি)ৰ খালী পদৰ সংখ্যা ৭০টা৷ দৰমহাৰ নিৰিখ ১৪ হাজাৰ টকাৰ পৰা ৬০ হাজাৰ টকা৷ গ্রেড পে’ ৬,৮০০ টকা৷ আনহাতে, কনিষ্টবল (বি) পদৰ সংখ্যা ২০০টা৷ এইসকল প্রার্থীয়ে মাহিলি ১৪ হাজাৰ টকাৰ পৰা ৬০,৫০০ টকা দৰমহা লাভ কৰিব৷ গ্রেড পে’ ৫,৬০০ টকা৷ আবেদন কৰিব বিচৰা প্রার্থীসকলৰ বয়স ১–১–২০২৩ তাৰিখে ৫০ বছৰৰ অধিক হ’ব নালাগিব৷ তদুপৰি প্রার্থীসকলৰ জন্ম হ’ব লাগিব ১৯৭৩ চনৰ ১ জানুৱাৰী অথবা তাৰ পিছত৷ প্রার্থীসকলৰ শিক্ষাগত অর্হতা উচ্চতৰ মাধ্যমিক উত্তীর্ণ৷ যিসকল অৱসৰপ্রাপ্ত প্রার্থীয়ে আবেদন জনাব বিচাৰে তেওঁলোক চিপাহীৰ পৰা হাবিলদাৰ অথবা নেভী আৰু এয়াৰ ফ’ৰ্চত সমপর্যায়ৰ পদত কাম কৰা হ’ব লাগিব৷ তদুপৰি উপ–পৰিদর্শক আৰু পৰিদর্শক পদত আবেদন জনাব বিচৰা অৱসৰপ্রাপ্ত কর্মচাৰীসকলে আর্মী অথবা নেভীত নায়ক চুবেদাৰ অথবা সমপর্যায়ৰ পদত কাম কৰা হ’ব লাগিব৷ হাবিলদাৰ অথবা সমপর্যায়ৰ পদৰ অৱসৰপ্রাপ্ত কর্মচাৰীসকলে আবেদনৰ বাবে অতি কমেও ১৫ বছৰ অথবা তাতকৈ অধিক কাম কৰিলে তেওঁলোকে উপ–পৰিদর্শক আৰু পৰিদর্শক পদতো আবেদন জনাব পাৰিব৷ প্রার্থীসকলে মূল বিজ্ঞাপনৰ পৰা প্রয়োজনীয় তথ্য সংগ্রহ কৰি অনলাইনযোগে আবেদন জনাব লাগিব৷ আবেদনৰ অন্তিম তাৰিখ ১৫ ছেপ্টেম্বৰ৷

You might also like