নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাতে মৰা! সদায় ভাত খোৱা ক্ষতিকাৰক কিয়

বিশেষ বাৰ্তা, ২৯জানুৱাৰীঃ উদৰ পুৰাই ভাত খোৱাত অসমীয়াৰ নাম আছে। ভাত নোহোৱাকৈ খুব কমজনেহে চলিব পাৰে। ভাতেই যেন অসমীয়াৰ পৰিচয়। ধোঁৱা ওলোৱা একাঁহী ভাতে কেৱল পেট নভৰায়, মন-প্রাণো ভৰাই তোলে। ভাত নাখালে এনে লাগে যেন একো খোৱাই হোৱা নাই।
কিন্তু শেহতীয়া এটি গৱেষণাত প্ৰকাশ হৈছে অন্য কিছু চাঞ্চল্যকৰ তথ্য। গৱেষকে জনাইছে, সদায় ভাত খোৱাৰ অভ্যাসে ক্ষতি কৰে স্বাস্থ্যৰ।

নিয়মিত ভাত খোৱা অভ্যাসে শৰীৰত কিদৰে প্রভাৱ পেলায়?

গৱেষণাত কোৱা হৈছে, ভাতত থকা আৰ্চেনিক শৰীৰত প্রবেশ কৰাৰ ফলত ডায়বেটিছ, কেন্সাৰ, হৃদৰোগৰ আশংকা বঢ়াই দিয়ে।
জল থকা এলেকাত ধান বনা হয়, ফলত মাটিত মিহলি হৈ থকা ৰাসায়নিক দ্রৱ্য আৰ্চেনিক পানীত মিলি যায় আৰু ধানে সেই আৰ্চেনিক শোষণ কৰে। এই কাৰণে মাটিত হোৱা অন্যান্য ফসলৰ তুলনাত ধানত আৰ্চেনিকৰ পৰিমাণ বেছি থাকে।
গৱেষকৰ মতে, ভাতত থকা আৰ্চেনিকৰ পৰা আপুনি কেনেকৈ ক্ষতিগ্রস্ত হ’ব সেয়া নির্ভৰ কৰে ভাত খোৱা পৰিমাণৰ ওপৰত। সদায় ভাত খালে অলপ অলপকৈ এই ৰাসায়নিক দ্রব্য শৰীৰত বাঢ়ি থাকিব। সদায় পেট ভৰাই ভাত খোৱাৰ অভ্যাস চৰম পৰিণতিৰ দিশেও নিব পাৰে। সেয়ে সপ্তাহত দুই-তিনি দিন ভাত খালে ক্ষতিৰ আশংকা যথেষ্ট কম থাকে।

কেনেকৈ ভাত ৰান্ধিলে ক্ষতিৰ আশংকা কম?

যিমান পৰিমাণৰ চাউলেৰে ভাত ৰান্ধিছে, তাতকৈ বহুত বেছি মাত্ৰাত পানী দি ভাত ৰান্ধিলে আৰ্চেনিকৰ পৰিমাণ কমিব।

ইয়াৰ উপৰিও ভাত ৰান্ধাৰ কেইঘণ্টা আগতে চাউল তিয়াই ৰাখিলে আৰ্চেনিকৰ প্রভাৱ যথেষ্ট কমি যায়।

You might also like