নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাইক বা গাড়ী নহয় ঘোঁৰাত উঠি অনলাইল পাৰ্চেল ভগাই বিখ্যাত ভাৰতীয় যুৱক

নিয়মীয়া বাৰ্তা, ১৭ জানুৱাৰীঃ প্ৰকৃতিৰ ওচৰত কেতিয়াবা হাৰ মানিব লগা হয় অত্যাধুনিক প্ৰযুক্তিয়েও। তাৰেই এক ঘটনা দেখা গ’ল কাশ্মীৰত।

কাশ্মীৰৰ এগৰাকী ২২ বছৰীয়া যুৱক চিৰাজ আলী খানে ঘোঁৰাত উঠি প্ৰদান কৰিছে অনলাইন সামগ্ৰী। ডেলিভাৰী বয় চিৰাজে ঘোঁৰাৰ পিঠিত উঠি অনলাইন সামগ্ৰী গ্ৰাহকৰ মাজত বিতৰণ কৰা ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈছে ছোচিয়েল মিডিয়াতো।

কিন্তু বাইক-গাড়ী থকাৰ পিছতো ঘোঁৰাত উঠি সামগ্ৰী বিতৰণ কৰাৰ কাৰণ হ’ল এইকেইদিন কাশ্মীৰৰ পাহাৰ এলেকাত পৰা বৰফ। বৰফৰ বাবে অচল হৈ পৰা ৰাস্তা-ঘাটত বাইক বা অন্য ইঞ্জিনচালিত গাড়ীৰ চলাচল বন্ধ হৈ পৰাত ঘোঁৰাৰ আশ্ৰয় লয় ডেলিভাৰী বয় চিৰাজে।

এগৰাকী সুদক্ষ ঘোঁৰাচালক চিৰাজৰ মতে, অনলাইন সামগ্ৰীৰ মাজত শিশুৰ আহাৰ, ঔষধ, স্কুল-কলেজৰ সামগ্ৰী থকা প্ৰত্যক্ষ কৰি তেওঁ পলম কৰাটো অনুচিত বুলি গণ্য কৰে আৰু কৰ্তৃপক্ষৰ লগত আলোচনা কৰি ঘোঁৰাৰে সামগ্ৰী বিতৰণৰ সিদ্ধান্ত লয়।

You might also like