ছেলফিপ্ৰেমীসকললৈ দুঃখবৰ…
নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰঃ ছেলফি- মোবাইল প্ৰযুক্তিৰ লগত জনপ্ৰিয় হৈ পৰা এটা নাম। বিগত বছৰত ইয়াৰ বাবে মৃত্যুমুখতো পৰিছে বহু লোক। কিন্তু ছেলফিৰ চাহিদা কমা নাই। শেহতীয়া এক প্ৰতিবেদনত প্ৰকাশ পোৱা মতে, ছেলফি এক অভ্যাস নহয়, ই হৈ পৰিছে মানসিক বিকাৰ। যেতিয়াই-তেতিয়াই য’তে-ত’তে ছেলফি উঠাটো নতুন প্ৰজন্মৰ এক এৰাব নোৱাৰা নিচাত পৰিণত হোৱাটোক লৈ চলোৱা সমীক্ষাত ইয়াক মেনিয়া বুলি প্ৰকাশ কৰিবলৈ বাধ্য হৈছে এদল চিকিৎসকে।
দিল্লী, হাইদৰাবাদ, কলকাতা আৰু মুম্বাইত চলোৱা এক সমীক্ষাত দেখা গৈছে যে অত্যধিক ছেলফি উঠা প্ৰৱণতাৰ আঁৰত থাকে নিজকে প্ৰদৰ্শন কৰাৰ তাড়না। আৰু ইয়াক ছোচিয়েল মিডিয়াত আপলোড কৰাৰ পিছত লাইক-ডিছলাইক, কমেণ্ট-চৰ্চাৰ ভিত্তিত এজন লোকৰ মনস্তাত্ত্বিক দিশটো গঢ় লয়।
লাইক-কমেণ্ট কম পালে ক্ৰমশঃ হতাশগ্ৰস্ততাৰ ফালে গমন কৰে অৱচেতনভাৱে, আনহাতে লাইক-কমেণ্ট অত্যধিক বৃদ্ধিয়ে উচ্চাত্মিকাবোধত ভোগাই কোনো লোকক। একেদৰে ছেলফিয়ে ভাৰ্ছুৱেল জগতত ব্যস্ত ৰাখে এগৰাকী লোকক। অতি আত্মকেন্দ্ৰিক কৰি তোলে ছেলফিয়ে। বাস্তৱতাৰ পৰা বহু নিলগত ৰাখে ছেলফিপ্ৰেমীক।
নতুন প্ৰজন্মৰ পৰা এই মেনিয়া ক্ৰমশঃ পুৰণি প্ৰজন্মলৈও গতি কৰিছে। চিকিৎসক দলে ছেলফি মেনিয়াক লৈ সচেতন হোৱাৰ পৰামৰ্শ আগবঢ়াইছে।