নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডুবাইৰ ৰেষ্টুৰেণ্টত সিখনৰ পিছত ইখন প্লেট ভাঙিলে ছলমানৰ ভগ্নী অৰ্পিতাই…

নিয়মীয়া বাৰ্তা ৭ ডিচেম্বৰঃ  অভিনেতা ছলমান খানৰ ভগ্নী অৰ্পিতা খান প্ৰায়েই চৰ্চাত থাকে। অভিনেতাজনেও ভগ্নী অৰ্পিতাক বহুত মৰম কৰে। সম্প্ৰতি ছচিয়েল মিডিয়াত অৰ্পিতাৰ এটা ভিডিঅ’ খুব ভাইৰেল হৈছে য’ত অৰ্পিতাই প্লেট ভাঙি থকা দেখা গৈছে।

অৰ্পিতাই নিজৰ ইনষ্ট্ৰাগ্ৰামযোগে ভিডিঅ’টো শ্বেয়াৰ কৰিছে। উক্ত ভিডিঅ’টো ডুবাইৰ এখন ৰেষ্টুৰেণ্টৰ। য’ত অৰ্পিতাৰ সৈতে তাইৰ কেইবাজনীও বান্ধবী আছে। সকলোৱে মিলি ৰেষ্টুৰেণ্ট খনৰ প্লেট ভাঙি আছে।

অৰ্পিতাই কিয় প্লেট ভাঙিছিল জানেনে। দৰাচলতে গ্ৰীক নিয়মমতে নতুন জীৱনৰ আৰম্ভণিত যাতে কোনোধৰণৰ কেৰোণ নালাগে, তাৰ বাবে এনেধৰণৰ প্ৰথা অৱলম্বন কৰে। এটা সুন্দৰ জীৱন উপভোগ কৰিব পৰাৰ আশাৰে অৰ্পিতায়ো এই নিয়ম পালন কৰিছিল।

You might also like