নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানুহৰ মগজু আৰু কিছু আচৰিত তথ্য

- প্রেৰণা বৰুৱা

সমগ্র মানৱ জাতিয়ে আজি দপ্দপাই আগবাঢ়ি যোৱাৰ মূলতে মানুহৰ মগজুৰ শক্তি৷ আমি সকলোৱে জানো যে মানৱ মস্তিষ্ক মানুহৰ স্নায়ুতন্ত্রৰ প্রধান অংগ৷ এই মগজুৰ জৰিয়তেই মানুহে আগবাঢ়ি যাবলৈ সক্ষম হৈছে৷ মানুহৰ মগজু সম্পর্কে অনেক আচৰিত তথ্য পোৱা যায়৷ সেইসমূহ এনেধৰণৰ–

১৷ মানুহৰ মগজুটো বাৰু কি কি ডপাদানেৰে গঠিত৷ হয়, মানুহৰ মগজুটোৰ সৰহসংখ্যকেই পানী৷ এজন প্রাপ্তবয়স্ক মানুহৰ মগজু প্রায় ৭৫ শতাংশ পানীৰে তৈয়াৰী৷ সেইকাৰণে পানী শৰীৰৰ লগতে মগজুৰ বাবে অত্যন্ত প্রয়োজনীয়৷ তদুপৰি আমাৰ মগজুত প্রায় ১০০ বিলিয়ন নিউৰন থাকে৷ প্রায় ৬০ শতাংশ চর্বি থাকে৷

২৷ আপুনি বাৰু জানেনে আপোনাৰ মোৰ মগজুৰ ওজন কিমান হ’ব পাৰে? এজন প্রাপ্তবয়স্ক মানুহৰ মগজুৰ ওজন ৩ পাউণ্ড হয়৷ পুৰুষৰ তুলনাত মহিলাৰ মগজুৰ আকাৰ সৰু হয়৷

৩৷ আমাৰ মগজু কেতিয়ালৈকে বৃদ্ধি হৈ থাকে, সেয়া এক জানিবলগীয়া কথা৷ আমাৰ মগজুৰ আকাৰ ১৮ বছৰ হোৱালৈকে বৃদ্ধি পাই থাকে৷ যেতিয়ালৈকে মানুহৰ বয়স ১৮ বছৰ নহয়, তেতিয়ালৈকে মগজুৰ আকাৰ ডাঙৰ হৈ থাকে৷

৪৷ আমাৰ শৰীৰত যিদৰে যি পৰিমাণৰ তেজ আৰু অক্সিজেন উৎপাদন হয়, তাৰ পৰা প্রায় ২০ শতাংশ মগজুলৈ যায়৷ মগজুত অক্সিজেন নাপালে ৫ৰ পৰা ৬ মিনিটৰ পিছত মানুহ মৃত্যুমুখত পৰে৷ মগজুত তেজ চলাচল বন্ধ হ’লে ৮ পৰা ১০ ছেকেণ্ডৰ পিছত মগজুৰ চেতনা নাইকিয়া হৈ যায়৷ যদি আমাৰ মগজুত তেজ চলাচল বন্ধ হৈ যায় তেতিয়া আমি অজ্ঞান হৈ পৰিব পাৰোঁ৷

৫৷ আপুনি বাৰু জানেনে মানুহে মগজুৰ প্রায় ১০ শতাংশহে ব্যৱহাৰ কৰে৷ আৰু পৃথিৱীত যিমান ডাঙৰ ডাঙৰ টেকেন’লজী কম্পিউটাৰৰ উৎপাদন হৈছে, সেইবোৰ উৎপাদন কেৱল মানুহে মানুহৰ মগজুৰ ১ শতাংশ ব্যৱহাৰ কৰিহে উৎপাদন কৰিছে৷ ভাবকচোন কেনেবাকৈ যদি মানুহে মগজুৰ এশ শতাংশ ব্যৱহাৰ কৰে, তেন্তে পৃথিৱী কেনে হ’ব৷

You might also like