নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ কোৰিয়াৰ কিছুমান আচৰিত তথ্য

-মেৰিলিন বৰুৱা

উত্তৰ কোৰিয়া এনে এখন দেশ, য’ৰ শাসন ব্যৱস্থা আন দেশৰ তুলনাত বহু আচৰিত৷ এই দেশখনৰ পৰিচালনা কেৱল এজন ব্যক্তিৰ হাততেই ন্যস্ত হৈ আছে৷ আৰু সেইজন হৈছে কিম জং উন৷ উত্তৰ কোৰিয়াত এনে কিছুমান বহুতো অদ্ভুত ধৰণৰ নীতি–নিয়ম দেখা পোৱা যায় যিবোৰে এই দেশখনক অন্য দেশৰ তুলনাত পৃথক কৰি ৰাখিছে৷ উত্তৰ কোৰিয়াত যিসমূহ শিশুৰ জন্ম ৮ জুলাই আৰু ১৮ জুলাইত হয়, সেই শিশুহঁতে মৃত্যুপর্যন্ত সিহঁতৰ জন্মদিন কেতিয়াও পালন কৰিব নোৱাৰে৷ ইয়াৰ কাৰণ হৈছে সেই বিশেষ দিন দুটাতেই দেশখনৰ পৰিচালক কিম জং উন্ৰ ককাক আৰু দেউতাকৰ মৃত্যু হৈছিল৷ কেৱল সেয়াই নহয়, উত্তৰ কোৰিয়াৰ আইন ইমানেই বেছি যে তাত পর্যটকসকলৰ বাবে হোটেলত এখন গাইড বুক দিয়া হয়, যাক এবাৰ চাইহে পর্যটকসকলে হোটেলৰ পৰা বাহিৰলৈ ওলাব পাৰে৷ কিয়নো পর্যটকসকলে ওলাই যাওঁতে ক’ত কিমান আইন উলংঘা কৰিব তেওঁলোকে নিজেই গম নাপাব৷ ইয়াৰ কিছুমান ঠাইত ৱাই–ফাই অন কৰাটো বাধা আৰোপ কৰা আছে৷ যদিহে এনে কৰে তেন্তে ৪০০০ টকাপর্যন্ত জৰিমনা ভৰিব লগা হ’ব পাৰে৷ ইয়াৰ বহুতো ঠাইত ফটো উঠাতো বাধা আছে৷ সেইবাবে পর্যটকসকলৰ বাবে হোটেল কর্তৃপক্ষই সম্পূর্ণ গাইডৰ ব্যৱস্থা কৰে৷ উত্তৰ কোৰিয়াত পর্যটকসকলে ভিক্ষাৰীসকলৰ ফটো তোলাত বাধা আৰোপ কৰা আছে৷ কিন্তু ইয়াৰ বিপৰীতে যদি কোনো পর্যটকে ইয়াৰ ৰাজ পৰিয়ালৰ কোনো বিশেষ লোকৰ মূর্তিৰ ফটো তোলে তেতিয়া সম্পূর্ণ ভৰিৰ পৰা মূৰলৈকে ফটো তোলাটো বাধ্যতামূলক৷ যদি কোনো লোকে ইয়াৰ আধাটো অংশহে ফটো তোলে, তেতিয়া ইয়াক অপৰাধ বুলি ধৰা হয়৷ লগতে এই মূর্তিবোৰৰ পিছফালৰ পৰা
ফটো তোলাটোতো বাধা আৰোপ কৰা আছে৷
উত্তৰ কোৰিয়াত ইণ্টাৰনেটৰ সুবিধা বহু কম আৰুVIPসকলৰ বাবে ইণ্টাৰনেটৰ সুবিধা থাকিলেও কিন্তু তেওঁলোকে বেলেগ দেশৰ লগত সংযোগ কৰাত বাধা আছে৷ উত্তৰ কোৰিয়াত ২৪ ঘণ্টাই বিজুলী কেৱলVIP মানুহৰ ঘৰতহে উপলব্ধ৷ বাকী মানুহবোৰৰ বাবে মাত্র কেইঘণ্টামানৰ বাবেহে বিজুলী দিয়া হয়৷ লগতে ৰাতি হ’লেই ইয়াত সম্পূর্ণভাৱে বিজুলী বন্ধ কৰি দিয়া হয়৷ আৰু এই কথাটো ইয়াতেই প্রমাণ পোৱা যায় যে ৰাতি আকাশৰ পৰা পৃথিৱীলৈ চালে অন্য দেশত এক পোহৰৰ জালসদৃশ দেখা যায়৷ কিন্তু উত্তৰ কোৰিয়াত সম্পূর্ণভাৱেই অন্ধকাৰ দেখা যায়৷ উত্তৰ কোৰিয়াত বাইবেল ৰখাটো এক অপৰাধ৷ যেতিয়া এগৰাকী মহিলা বাইবেলৰ লগত ধৰা পৰিছিল তেতিয়া তেওঁক শাস্তিৰূপে মৃত্যুদণ্ড দিয়া হৈছিল৷ উত্তৰ কোৰিয়াৰ সকলো নাগৰিকে ১৩ বছৰৰ বাবে সেনাবাহিনীত ভর্তি হোৱাটো বাধ্যতামূলক৷ যদি কোনোবা ল’ৰাৰ বয়স ১৮ বছৰ সম্পূর্ণ হৈছে তেতিয়াৰে পৰা তেওঁ ১৩ বছৰ লৈকে সেনাবাহিনীত যাব লগা হয় আৰু ছোৱালীবোৰ ২৩ বছৰৰ পৰা৷ উত্তৰ কোৰিয়াত কোনেও নিজৰ ইচ্ছামতে চুলি কাটিব নোৱাৰে, ইয়াত কেৱল ইয়াৰ চৰকাৰে নির্ধাৰিত কৰি দিয়া ২৪টা ষ্টাইলতহে চুলি কাটিব পাৰে৷ এই ষ্টাইলকেইটাৰ ভিতৰতে পুৰুষ আৰু মহিলাই নিজৰ চুলি কটাটো বাধ্যতামূলক৷ ইয়াত ডেকা ল’ৰাবোৰে ২ ইঞ্চিৰ ওপৰত চুলি ৰাখিব নোৱাৰে আৰু অবিবাহিতা মহিলাই দীঘল চুলি ৰাখিব নোৱাৰে৷ কেৱল বিবাহিতা মহিলাইহে দীঘল চুলি ৰাখিব পাৰে৷ উত্তৰ কোৰিয়াত পুৰুষ আৰু মহিলাই জীনছ পেণ্ট পিন্ধাটো বাধা আৰোপ কৰা আছে৷ কিয়নো এইবোৰ হৈছে তেওঁলোকৰ বাবে পশ্চিমীয়া সংস্কৃতি৷ গতিকে এনেধৰণৰ বিভিন্ন অদ্ভুত নীতি–নিয়মবোৰৰ বাবে উত্তৰ কোৰিয়াক এখন আচৰিত তথা অদ্ভুত দেশ হিচাপে গণ্য কৰা হয়৷

You might also like