নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাখীৰৰ দাম কমি যোৱাৰ বাবে গৰুৱে হেৰুৱালে চাকৰি…

আপুনি বাতৰিকাকত পঢ়েনে। যদি পঢ়ে এনে খবৰ আপুনি পাইছেনে ? যদি পোৱা নাই এই লেখাটো আপুনি সম্পূৰ্ণকৈ পঢ়িব লাগিব । খবৰটো ক’ৰ, ক’ত ? আপোনাৰ নিশ্চয় জানিবলৈ মন গৈছে, জনাম অলপ আৰু পঢ়িব লাগিব। কিছু বছৰ আগৰ কথা – The Baltimore Sun নামৰ কাকতখনত প্ৰকাশ পাইছিল এই খবৰটো। খবৰটো আচৰিত নহয়নে? ইংৰাজীত প্ৰকাশ হোৱা খবৰটো আছিল এইধৰণৰ- Cows lose their jobs as milk prices drop.

ৰ’ব শেষ নকৰিব আৰু এটা বাতৰিৰ শিৰোনামৰ কথা কওঁ- Thursday is cancelled.. অৰ্থাৎ বৃহস্পতিবাৰ বাতিল হৈছে। এতিয়া হয়টো আপুনি ভাবিছে, কি বাতৰি এইবোৰ। বৃহস্পতিবাৰ বাতিল হ’ব পাৰে নেকি ? কিন্তু এইধৰণৰ হেডলাইন দিও বাতৰি প্ৰকাশ হৈছিল ২০০৮ চনত।ট্ৰাম্পৰ বিশেষ ঘোষণা এটাক লৈ এই বিশেষধৰণে বাতৰিটো কৰা হৈছিল । নাইজেৰিয়াৰ আন এটা বাতৰিৰ শিৰোনাম আছিল এইধৰণৰ – Goat accused of robbery…

এইধৰণৰ বাতৰিবোৰ আপুনি যদি পুৱাই বিছনা এৰি দেখে কেনে লাগিব। ৰ’ব শেষ হোৱা নাই।ভাৰতৰ এখন হিন্দী পেপাৰৰ শিৰোনাম এটা আছিল এইধৰণৰ — প্যাৰ মে ধোখা,চড়ক পৰ থোকা।

এতিয়া আহিছোঁ প্ৰকৃত কথালৈ …Bestlife ৰ funniest newspaper headlinesৰ পৰা এই কেইটা শিৰোনাম আপোনালোকক জনালোঁ ।

You might also like