অসমৰ অর্থনৈতিক আৰু সামাজিক ইতিহাসৰ মূল ভেটিটোৱেই হৈছে কৃষি৷ যুগ যুগ ধৰি আমাৰ গ্রাম্য জীৱন ধাননি পথাৰৰ ঋতুভিত্তিক উৎপাদনৰ মাজতেই আবদ্ধ আছিল৷ কিন্তু সাম্প্রতিক সময়ত গোলকীকৰণ, প্রযুক্তিৰ দ্রুত ডন্নয়ন আৰু গ্রাহকৰ মানসিকতাৰ পৰিৱর্তনৰ লগে লগে গ্রাম্য অর্থনীতিৰ পৰম্পৰাগত ধাৰণাটোলৈ এক আশাব্যঞ্জক পৰিৱর্তন আহিছে৷
বর্তমান কৃষিৰ সৈতে পর্যটনক সাঙুৰি লৈ এক নতুন অর্থনৈতিক সম্ভাৱনাৰ দ্বাৰ মুকলি কৰা হৈছে, যাক আধুনিক পর্যটন বিজ্ঞানৰ ভাষাত ‘কৃষি পর্যটন’(Agri-Tourism) নামেৰে চিহ্ণিত কৰা হয়৷
চহৰীয়া যান্ত্রিক, কোলাহলময় আৰু প্রদূষিত জীৱনশৈলীৰ পৰা আঁতৰি প্রকৃতিৰ নিভৃত কোলাত ক্ষন্তেক জিৰণি লোৱা, গ্রাম্য সংস্কৃতিৰ সোৱাদ লোৱা আৰু থলুৱা কৃষি পদ্ধতিৰ সৈতে পোনপটীয়া সংযোগ স্থাপন কৰাৰ এক ব্যাপক প্রৱণতা সমগ্র বিশ্বতে গা কৰি উঠিছে৷
এই গোলকীয় প্রৱণতাই অসমৰ দৰে এক কৃষিভিত্তিক ৰাজ্যৰ বাবে অর্থনৈতিক পুনৰুত্থানৰ এক সোণালী সুযোগ কঢ়িয়াই আনিছে৷ ৰাষ্ট্রীয় প্রেক্ষাপটলৈ চালে দেখা যায় যে ভাৰতৰ মহাৰাষ্ট্র, কর্ণাটক আৰু কেৰালাৰ দৰে ৰাজ্যসমূহে ইতিমধ্যে কৃষি–পর্যটনক গ্রাম্য অর্থনীতিৰ এক অন্যতম শক্তিশালী স্তম্ভ হিচাপে গঢ়ি তুলিবলৈ সক্ষম হৈছে৷
বিশেষকৈ মহাৰাষ্ট্রৰ ‘এগ্রি টুৰিজম ডেভেলপমেণ্ট কর্প’ৰেচন’ৰ সফল আর্হিয়ে সেই ৰাজ্যৰ বাৰামতী, মহাবালেশ্বৰ বা নাছিকৰ দৰে অঞ্চলৰ প্রান্তীয় খেতিয়কসকলক নিজৰ কৃষিপথাৰখনকেই একো একোটা আকর্ষণীয় পর্যটন কেন্দ্রলৈ ৰূপান্তৰ কৰাৰ দিশ দেখুৱাইছে৷
ইয়াৰ দ্বাৰা তেওঁলোকে স্বাৱলম্বী হোৱাৰ লগতে অতিৰিক্ত আয়ৰ এক স্থায়ী উৎস সৃষ্টি কৰিবলৈ সক্ষম হৈছে৷ ভাৰত চৰকাৰৰ শেহতীয়া ৰাষ্ট্রীয় পর্যটন নীতি আৰু কেন্দ্রীয় বাজেটসমূহত উত্তৰ–পূর্বাঞ্চলৰ পর্যটন আৰু গ্রাম্য আন্তঃগাঁথনিৰ সংযোগ ব্যৱস্থাত বিশেষ মনোযোগ দিয়া হৈছে, যিয়ে অসমকো এই যাত্রাৰ সহযাত্রী হ’বলৈ এক সুদৃঢ় মঞ্চ প্রদান কৰিছে৷
অসমৰ ক্ষেত্রতো এই দিশত এক শুভ লক্ষণীয় আৰম্ভণি ইতিপূর্বে দেখা গৈছে৷ অসম চৰকাৰৰ ‘আমাৰ আলহী’ আঁচনি আছিল গ্রাম্য এলেকাত পর্যটনৰ আন্তঃগাঁথনি উন্নত কৰা আৰু আতিথ্য খণ্ডটোক গাঁও পর্যায়লৈ লৈ যোৱাৰ এক বলিষ্ঠ সোপান৷
একেদৰে চৰকাৰৰ ‘চাহ পর্যটন নীতি’ৰ অধীনত অসমৰ ঐতিহাসিক আৰু ঐতিহ্যমণ্ডিত চাহ বাগিচাবোৰৰ পুৰণি বঙলাসমূহক পর্যটন ক্ষেত্র হিচাপে গঢ়ি তোলাৰ প্রয়াস কৰা হৈছে৷
ইয়াৰ উপৰি ব্যক্তিগত আৰু সমষ্টিগত প্রচেষ্টাত গঢ়ি উঠা গ্রাম্য পর্যটনৰ কিছুমান সফল আর্হিয়ে আশাৰ সঞ্চাৰ কৰিছে৷ এই সকলোবোৰে প্রমাণ কৰে যে অসমৰ বিশাল কৃষিপথাৰ, নদীদ্বীপ, জৈৱ–বৈচিত্র্য আৰু স্বকীয় গ্রাম্য সংস্কৃতিৰ মাজত কৃষি পর্যটনৰ এক অপৰিসীম সম্ভাৱনা লুকাই আছে৷
অৱশ্যে এই সম্ভাৱনাক এক সু–সংগঠিত আৰু লাভজনক উদ্যোগলৈ ৰূপান্তৰ কৰিবলৈ হ’লে এতিয়াও বহু দূৰ বাট বুলিবলগীয়া আছে৷ কেৱল কেহটামান বিচ্ছিন্ন ব্যক্তিগত প্রচেষ্টাৰ দ্বাৰা সমগ্র ৰাজ্যখনৰ গ্রাম্য অর্থনীতিৰ আমূল পৰিৱর্তন সম্ভৱ নহয়৷
ইয়াৰ বাবে চৰকাৰ, নীতি নির্ধাৰক, সংশ্লিষ্ট বিভাগ আৰু স্থানীয় গ্রাম্য সমাজৰ যৌথ আৰু দীর্ঘম্যাদী পৰিকল্পনাৰ প্রয়োজন৷ প্রথম পদক্ষেপ হিচাপে অসম চৰকাৰে পর্যটন বিভাগ আৰু কৃষি বিভাগৰ যৌথ উদ্যোগত এখন সুকীয়া ‘কৃষি পর্যটন নীতি’ প্রস্তুত কৰি উলিয়াব পাৰে৷
লগতে ৰাজ্যৰ বিভিন্ন প্রান্তৰ ভৌগোলিক আৰু কৃষিভিত্তিক বৈশিষ্ট্যসমূহক চিনাক্ত কৰি নির্দিষ্ট ‘ক্লাষ্টাৰ’ বা বর্তনী গঢ়ি তুলিব লাগিব৷ একে সময়তে গ্রামাঞ্চলৰ শিক্ষিত আৰু অর্ধশিক্ষিত যুৱক–যুৱতীসকলক চহৰমুখী হ’বলৈ নিদি নিজৰ মাটিতেই থাকি কৃষি উদ্যোক্তা বা ‘ফার্মপ্রিনিডৰ’ হ’বলৈ অনুপ্রাণিত কৰিব লাগিব৷
এইক্ষেত্রত অসম পর্যটন উন্নয়ন নিগম, অসম কৃষি বিশ্ববিদ্যালয় আৰু উদ্যোগ বিভাগে যৌথভাৱে গাঁৱৰ যুৱক–যুৱতীসকলক্ ডিজিটেল মার্কেটিং, ছ’চিয়েল মিডিয়াৰ জৰিয়তে নিজৰ ফার্মৰ প্রচাৰ, আতিথ্য সজাগতা আৰু গাইড হিচাপে কাম কৰাৰ বাবে চুটিম্যাদী কাৰিকৰী প্রশিক্ষণ প্রদানৰ এক ব্যাপক অভিযান চলোৱা উচিত৷
অৱশ্যে এই যাত্রাত এটা গুৰুত্বপূর্ণ দিশৰ প্রতি চকু ৰখাটো অত্যন্ত প্রয়োজনীয়৷ কৃষি পর্যটন আৰু উপার্জন বৃদ্ধিৰ নামত যাতে কোনো কাৰণতে আমাৰ গ্রাম্য শান্ত পৰিৱেশ, থলুৱা ঐতিহ্য বিঘ্নিত নহয় আৰু আটাহতকৈ গুৰুত্বপূর্ণ– উর্বৰ কৃষিভূমি যাতে সুৰক্ষিত হৈ থাকে, তাৰ প্রতি তীক্ষ্ণ নজৰ ৰাখিব লাগিব৷
এই উদ্যোগ সম্পূর্ণৰূপে প্লাষ্টিকমুক্ত, প্রাকৃতিক সম্পদৰ অপচয় ৰোধকাৰী আৰু জৈৱিক কৃষি পদ্ধতিৰ ওপৰত প্রতিষ্ঠিত হ’ব লাগিব৷ উপযুক্ত দীর্ঘম্যাদী পৰিকল্পনাৰে পর্যটন আৰু কৃষিৰ এই অভিনৱ যুগলবন্দীক গাঁৱৰ অর্থনৈতিক ভেটিটোক স্বাৱলম্বী আৰু শক্তিশালী কৰি তোলাৰ প্রধান আহিলা হিচাপে ব্যৱহাৰ কৰাৰ সাহসিকতা চৰকাৰী সংস্থা আৰু জনসাধাৰণে দেখুৱাব লাগিব৷
চৰকাৰী সদিচ্ছা আৰু সর্বসাধাৰণৰ একত্রিত প্রয়াসেহে অসমৰ সেউজীয়া পথাৰসমূহক অর্থনৈতিক সমৃদ্ধিৰ একো একোটা নতুন আৰু স্থায়ী ঠিকনালৈ ৰূপান্তৰ কৰিবলৈ সক্ষম হ’ব৷