নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰেছাৰ কুকাৰত ৰান্ধিলে কি কি খাদ্যৰ পুষ্টিগুণ লোপ পায়, জানেনে

বিশেষ বাৰ্তা, ২৭ এপ্ৰিলঃ আজিৰ ব্যস্ততা ভৰা জীৱনত প্ৰেছাৰ কুকাৰ অবিহনে পাকঘৰৰ কাম নচলে। সময় ৰাহি, গেছ ৰাহি, কষ্ট কমি যোৱা… সকলো হৈ যায় প্ৰেছাৰ কুকাৰত ৰান্ধিলে। কিন্তু কিছুমান খাদ্য কুকাৰত ৰান্ধিলে সোৱাদ নষ্ট হোৱাৰ উপৰি নাথাকে পুষ্টিগুণ।
কেনেকুৱা খাদ্য প্ৰেছাৰ কুকাৰত ৰান্ধিব নালাগে চাওঁ আহক-

১) দুগ্ধজাত খাদ্যঃ গাখীৰৰে তৈয়াৰ কৰা কোনো খাদ্য প্রেছাৰ কুকাৰত নৰন্ধাই ভাল। প্রেছাৰ কুকাৰত ৰান্ধিলে স্বাদ ঠিকে নাথাকে। যাৱতীয় পুষ্টিগুণো নষ্ট হয়।

২) কণীঃ দৌৰাদৌৰিৰ বাবে বহুতেই কণী প্রেছাৰ কুকাৰত সিদ্ধ কৰে। কণী সিদ্ধ কৰিবলৈ বেছি তাপমাত্রাৰ প্রয়োজন হয়। সেয়ে খোলা পাত্রতে সিদ্ধ কৰাই সবাতোকৈ ভাল। ইয়াত কণী ফাটি যোৱাৰ আশংকা কম থাকে। কণী সিদ্ধ হ’ল নে নাই সেয়াও বুজিব পাৰি।

৩) শাক-পাচলিঃ শাক-পাচলিত বহুত পুষ্টিগুণ থাকে। সেয়ে প্রেছাৰ কুকাৰত ৰন্ধা কৰা উচিত নহয়। পাচলিত থকা ভিটামিন, খনিজ আৰু অন্যান্য পুষ্টিগুণ নষ্ট হৈ যায়। শাক-পাচলিৰ তৰকাৰী কেৰাহীত ৰন্ধাই ভাল। দেৰি হ’লেও স্বাদ আৰু পুষ্টিগুণ বৰ্তি থাকিব।

৪) ভাতঃ সোনকালে হয় বাবে অনেকেই ভাত প্রেছাৰতে ৰান্ধে। প্রেছাৰ কুকাৰত ৰন্ধা ভাত শৰীৰৰ পক্ষে একেবাৰেই ভাল নহয়। প্রেছাৰ কুকাৰত ভাত ৰান্ধিলে শৰীৰৰ নানা সমস্যাই দেখা দিব পাৰে। ভাতৰ মাৰ পেলাব নোৱাৰি। ইয়াৰ ফলত ওজন বাঢ়ি যোৱাৰ আশংকা থাকে।

 

৫) মাছঃ প্রেছাৰ কুকাৰত মাছ নাৰান্ধিব। ইয়াত মাছ ৰান্ধিলে বেছি সিদ্ধ হৈ যায়। মাছ বেছি সিদ্ধ হ’লে স্বাদো গুচি যায়। নষ্ট হয় পুষ্টিগুণো। সেয়ে মাছ ৰান্ধক কেৰাহিতে।

You might also like