নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছত যোগদান নকৰে প্রশান্ত কিশোৰে

নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিলঃ সকলো জল্পনা–কল্পনাৰ অৱসান ঘটিছে৷ নির্বাচনী কৌশল নির্ধাৰক প্রশান্ত কিশোৰে কংগ্রেছত যোগদান নকৰে৷ শতাব্দী প্রাচীন ৰাজনৈতিক দলটোৰ তৰফৰ পৰা কিশোৰক যোগদান কৰাৰ প্রস্তাৱ দিয়া হৈছিল৷ কিন্তু নিজেই এই প্রস্তাৱ অগ্রাহ্য কৰিছে কিশোৰে৷  আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰিছে কংগ্রেছে৷ বিগত কেইবাদিনো ধৰি প্রশান্ত কিশোৰে কংগ্রেছত যোগদান কৰিব পাৰে বুলি দেশজুৰি বিষয়টোক লৈ চর্চা চলিছিল৷ আনকি কংগ্রেছ নেতৃত্বৰ সৈতে কেইবালানিও আলোচনাত মিলিত হৈছিল কিশোৰ৷ বিভিন্ন মহলে ধাৰণা কৰিছিল যে কিশোৰৰ যোগদানৰ কথা যিকোনো মুহূর্ততে কংগ্রেছে ঘোষণা কৰিব৷ কিন্তু আজি দলটোৰ প্রধান মুখপাত্র ৰণদীপ সিং সূর্যেৱালাই ছ’চিয়েল মিডিয়াৰ টুইটাৰযোগে ঘোষণা কৰে যে কিশোৰক দলত যোগদান কৰাৰ বাবে প্রস্তাৱ দিছিল ছোনিয়া গান্ধীয়ে৷ কিশোৰে এই প্রস্তাৱ প্রত্যাখ্যান কৰা বুলিও উল্লেখ কৰে সূর্যেবালাই৷ প্রশান্ত কিশোৰৰ সৈতে আলোচনা হোৱাৰ কংগ্রেছ সভানেত্রী ছোনিয়া গান্ধীয়ে ২০২৪ৰ লোকসভা নির্বাচনৰ সন্মুখত ৰাখি এক বিশেষ কমিটী গঠন কৰিছে৷ এই কমিটীৰ মূল দায়িত্ব গ্রহণ কৰিবলৈ কিশোৰক প্রস্তাৱ দিছিল ছোনিয়া গান্ধীয়ে৷ কিন্তু এই প্রস্তাৱ অগ্রাহ্য কৰে নির্বাচনী কৌশল নির্ধাৰকগৰাকীয়ে৷

You might also like