নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৰমত কি কি খাদ্য এৰাই চলিব…

বিশেষ বাৰ্তা, ২৯ মাৰ্চঃ You are what You eat. আপুনি কি খাইছে সেয়া আপোনাৰ দেহটোৱে কয়। কথাষাৰ এনেই নকয়। খোৱা-বোৱাৰ লগতেই আমাৰ দেহৰ অভ্যন্তৰ আৰু বাহিৰৰ সকলোখিনি নিৰ্ভৰ কৰে। সেয়ে খোৱা-বোৱা কৰোঁতে যথেষ্ট সাৱধান আৰু সতৰ্ক হৈ চলা উচিত। অকল সোৱাদৰ বাবেই নহয়, খাদ্যৰ গুণাগুণ চায়ো খোৱা কৰিব পাৰিলে স্বাস্থ্য ৰক্ষা হয়। লাহে লাহে গৰম আহিছে। শীতকালৰ খাবলৈ ভাল লগা বস্তু সেইবুলি গৰমতো যধে-মধে নাখাব। প্ৰিয় হ’লেও গৰমত এইবোৰ খাদ্য একেবাৰে এৰাই চলকঃ

জাৰৰ দিনত আমি গৰম চাহ আৰু কফী কেইবাবাৰো খাওঁ৷ যদি গৰমতো তেনেকৈয়ে বাৰে বাৰে চাহ-কফী খাই থাকোঁ সেয়া শৰীৰৰ বাবে ক্ষতিকাৰক৷ অত্যধিক চাহ কফিৰ ফলত এচিডিটিৰ সমস্যা হয়৷ লগতে টোপনি চক্ৰটো নষ্ট হৈ যায়৷

গৰমত আমাৰ পাচনতন্ত্ৰ কিছু দুৰ্বল হয়৷ এই সময়ত অত্যাধিক তেলজাতীয় খাদ্য খোৱা উচিত নহয়৷ মচলাযুক্ত, তেলেতীয়া খাদ্যৰ ফলত শৰীৰ উত্তাপ বাঢ়ি যাব পাৰে, হজম কৰাত অসুবিধাৰ সৃষ্টি কৰে। গৰমত পৰাপক্ষত পাতল খাদ্য খাব লাগে৷

গৰম মচলাত যথেষ্ট ঔষধি গুণ আছে৷ কিন্তু গ্ৰীষ্মকালত ৰন্ধনত কমকৈ ব্যৱহাৰ কৰিব লাগে৷ গ্ৰীষ্মকালত যদি গৰম মচলা অধিক পৰিমাণত দিলে ইয়াৰ ফলত গৰম ফ্লাছৰ সমস্যা হ’ব পাৰে৷ মহিলাৰ ঋতুস্ৰাৱ চক্ৰও সলনি কৰিব পাৰে।

জাৰৰ দিনত আমি ৰান্ধোতে আদা দিওঁ৷ আদা চাহো খোৱা হয়৷ কিন্তু আদা গ্ৰীষ্মকালৰ বাবে উপযুক্ত নহয়৷ গৰমত অত্যাধিক আদা খালে মুখৰ আলচাৰ, ব্রণ আৰু অন্যান্য সমস্যা হ’ব পাৰে। লগতে, হৃদস্পন্দনৰ হাৰ বৃদ্ধি হ’ব পাৰে। গতিকে ৰন্ধনত আদাৰ পৰিমাণ হ্ৰাস কৰক৷
গৰমত অত্যাধিক নহৰু খোৱাটোও ক্ষতিকাৰক। ইয়াৰ ফলত পেটৰ অসুখ হ’ব পাৰে।

You might also like