নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিজৰ স্মাৰ্টফোনটোত কি কি প্ৰয়োজনীয় ফটো থাকিব লাগে জানেনে….

নিয়মীয়া বাৰ্তা ১১ অক্টোবৰঃ সকলোৰে হাতত এতিয়া স্মাৰ্টফোন সহজলভ্য। আৰু আমাৰ দৈনদিন সকলো কামতে স্মাৰ্টফোনটোৰ প্ৰয়োজন হয়। লগতে স্মাৰ্টফোনটোৰ কেমেৰাটো দৈনদিন ব্যৱহাৰ কৰা হয়। বিভিন্ন ধৰণৰ ফটো কেমেৰাৰে ক্লিক কৰি গেলাৰীত সংগ্ৰহ কৰি থোৱা হয়। কিন্তু এনে কিছুমান প্ৰয়োজনীয় ফটো আছে যি আমাৰ স্মাৰ্টফোনৰ গেলাৰীত সংগ্ৰহ কৰি ৰাখিব লাগে। জানো আহক কি কি প্ৰয়োজনীয় ফটো স্মাৰ্ট ফোনটো ৰাখিব লাগে।

নিজৰ গাড়ীখনৰ প্ৰয়োজনীয় নথিপত্ৰ

ড্ৰাইভিঙ কৰা ব্যক্তিসকলে ড্ৰাইভিঙ লাইচেন্সৰ লগতে নিজৰ গাড়ীৰ সকলো কাগজপাতি নিজৰ লগত ৰাখিব লাগে। ইয়াৰ ভিতৰত গাড়ীৰ ইন্সুৰেন্স, ৰেজিটেশ্চন চাৰ্টিফিকেট অন্যতম। এইবোৰ আৱশ্যকীয় তথ্যপাতি ফটো ক্লিক কৰি সদায় ৰাখি থ’ব লাগে।

ড্ৰাইভিঙ লাইচেন্স
যদি আপুনি গাড়ী ড্ৰাইভ কৰে তেতিয়া হ’লে এইটো কথা মনত ৰাখিব লাহে লাইচেন্স খন লগত আছে নে নাই। যদি কেতিয়াবা লাইচেন্স খন পাহৰি যোৱা যায় তেতিয়া তাৰ একপি ফটো সংগ্ৰহ কৰাটো খুবেই জৰুৰী। ডিজি লকাৰ আৰু এম পৰিবহণ এপত লাইচেন্স খন ৰখাৰ বাবে উপযুক্ত।

আধাৰ কাৰ্ড

আধাৰ কাৰ্ড বৰ্তমান সময়ত এক জৰুৰী পৰিচয় পত্ৰ। কেতিয়াবা লগত হাৰ্ড কপিটো নাথাকিবও পাৰে, এনে সময়ত ইয়াৰ ডিজিটেল কপিটো ফোনটো ৰখাটো এটা ভাল মাধ্যম হ’ব পাৰে।

কভিডৰ ভেকচিন চাৰ্টিফিকেট

বৰ্তমান সময়ত আমাৰ বাবে জৰুৰী নথি হৈছে কভিড ভেকচিনৰ চাৰ্টিফিকেট খন। কভিডৰ যদি দুয়োটা ভেকচিন লোৱা হৈছে তেতিয়া চাৰ্টিফিকেট খন নিশ্চয় নিজৰ ফোনটোত ৰাখিব লাগে।

পেন কাৰ্ড

আধাৰ কাৰ্ড খনৰ সমানেই জৰুৰী আমাৰ পেন কাৰ্ডখন। ই এক প্ৰয়োজনীয় পৰিচয় পত্ৰ। পেন কাৰ্ডৰ ফটো স্মাৰ্টফোনত থাকিব লাগে।

You might also like