নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীত অন্ন মহোৎসৱ উদ্বোধন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ

ইয়াৰ অধিনত প্ৰতিজন ৰেচন কাৰ্ডধাৰকে লাভ কৰিব এপ্ৰিলৰ পৰা নৱেম্বৰলৈকে ৫ কিল'গ্ৰাম খাদ্য শস্য

নিয়মীয়া বাৰ্তা, ১১ অক্টোবৰঃ আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই নলবাৰীৰ গর্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত প্রধানমন্ত্রীৰ গৰীব কল্যাণ যোজনাৰ অধীনত অন্ন মহোৎসৱ উদ্বোধন কৰে।

ইয়াৰ জৰিয়তে প্ৰতিজন ৰেচন কাৰ্ডধাৰকে এই বৰ্ষৰ এপ্ৰিলৰ পৰা নৱেম্বৰলৈকে ৫ কিল’গ্ৰাম খাদ্য শস্য লাভ কৰিব। এফ চি এছ এণ্ড চি এৰ অধীনত ৰাজ্যজুৰি সুলভ মূল্যৰ দোকানসমূহে প্ৰায় ৫৯ লাখ হিতাধিকাৰী পৰিয়ালৰ বাবে ১২ৰ পৰা ২০ অক্টোবৰলৈ কাৰ্যসূচীটো পালন কৰিব বুলি ব্যক্ত কৰে।

ইয়াৰ লগতে নলবাৰীত এটা সংহত উপায়ুক্ত কাৰ্যালয় আৰু এখন অত্যাধুনিক ক্ৰীড়া সুবিধাৰ সৈতে এখন ষ্টেডিয়াম আৰু বাৰিষা কালত কৃত্ৰিম বান সমস্যা হ্ৰাস কৰাৰ বাবে নলাৰ ব্যৱস্থা তথা নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ কাম জানুৱাৰী ২০২২ৰ পৰা আৰম্ভ হোৱাৰ কথাও ঘোষণা কৰে।

অন্ন মহোৎসৱৰ এই উদ্বোধনী অনুষ্ঠানত মন্ত্রীত্রয় ৰণজিৎ কুমাৰ দাস, চন্দ্রমোহন পাটোৱাৰী, অজন্তা নেওগ, সাংসদদ্বয় দিলীপ শইকীয়া, কুইন ওজা তথা বিধায়কদ্বয় জয়ন্ত মল্ল বৰুৱা, ভৱেশ কলিতা আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

You might also like