নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেইখনমান বিলাসী গাড়ী

-দীপজ্যোতি খনিকৰ

আমাৰ পৃথিৱীখনত বহুতো অবিশ্বাস্য কিন্তু সত্য ঘটনা ঘটিয়ে থাকে৷ সেয়া মানুহৰ চখ পূৰাবলৈ হওক নতুবা আন কোনো কার্যতেই হওক৷ আমাৰ পৃথিৱীত বিভিন্ন কোম্পানীৰ ভিন্ন ভিন্ন গাড়ী দেখিবলৈ পোৱা যায়৷ যিবোৰ গাড়ী লাহ–বিলাসপ্রিয় আৰু বিলাসী৷ ইয়াৰ উপৰি এনে কিছুমান গাড়ী আছে, যিবোৰ আচৰিত আৰু আজব কামৰ বাবে পৰিচিত৷

বিলাসী গাড়ীৰ ভিতৰত আমি প্রথমেই নাম ল’ব পাৰোঁ ৰল্ছ ৰইচৰ৷ ৰল্ছ ৰইচ এবিধ হাতেৰে নির্মিত কাৰ৷ এই কাৰ নির্মাণ কৰোঁতে খুব কম পৰিমাণৰহে মেচিনৰ ব্যৱহাৰ কৰা হয়৷ ৰল্ছ ৰইচ কাৰ ক্রেতাসকলে নিজৰ পছন্দ অনুসৰি গাড়ীত ৰং আৰু ডিজাইন কৰাই ল’ব পাৰে, কিন্তু সেয়া উচ্চ নামবিশিষ্ট হ’ব লাগিব৷ সুৰক্ষা আৰু আৰামদায়ক ক্ষেত্রত এই গাড়ীক যথেষ্ট পৰিমাণে গুৰুত্ব দিয়া হয়৷ এই গাড়ীত উচ্চ মানসম্পন্ন লেডাৰৰ আৰু ছাউণ্ড প্রুফ মেটেলৰ ব্যৱহাৰ কৰা হয়৷ যাতে আৰোহীসকলে শান্তিপূর্ণ এটি পৰিৱেশ পায়৷

বিশ্বৰ আটাইতকৈ মূল্যৱান আৰু বিলাসী বুগাটী কোম্পানীৰ গাড়ীখনৰ দাম শুনিলে আপুনি আচৰিত হৈ পৰিব৷ বুগাটী কোম্পানীৰ এই গাডীখনৰ নাম হ’ল লা ভইছুৰ ন’ইৰে৷ ইয়াত ৮.০ লিটাৰৰ ইঞ্জিন আছে৷ মাত্র ২.৪ ছেকেণ্ডতে ১ৰ পৰা ৬০ কিলোমিটাৰলৈ গতিবেগ লাভ কৰিব পাৰি এই গাড়ীখনেৰে৷ইয়াৰ সর্বাধিক গতিবেগ ৩৮০ প্রতি ঘণ্টাত৷ যিখন গাড়ীৰ মূল্য ৮.৫ মিলিয়ন ইউৰো অর্থাৎ প্রায় ৭৫ কোটি টকা৷ ভাৰতত এই গাড়ীখনৰ মূল্য ৮৭.৬ কোটি হ’ব৷ কিন্তু কৰ লগাৰ পিছত এই গাডীখনৰ মূল্য প্রায় ১৩৩ কোটিমান হ’বগৈ৷

টেছলা এখন ইলেক্ট্রনিক কাৰ৷ বর্তমান সময়ৰ লগত খাপ খোৱাকৈ এই কাৰ প্রস্তুত কৰা হৈছে৷ টেছলা কাৰত সম্পূর্ণৰূপে অটোপাইলট ছিষ্টেম আছে৷ সেইবাবে টেছলা পৃথিৱীৰ ভিতৰত এখন সুৰক্ষিত গাড়ী হিচাপে বিখ্যাত৷ ইলেক্ট্রনিক কাৰ হোৱাৰ পাছতো টেছলা কাৰৰ টপ স্পীড প্রতিঘণ্টাত ৩২১ কিলোমিটাৰ৷ এই গাডীখনে ১ৰ পৰা ১০০ কিলোমিটাৰ প্রতিঘণ্টাত কেৱল ১.৯৯ ছেকেণ্ডতেই ধৰি ল’ব পাৰে৷ এই গাডীখনৰ মূল্য প্রায় ১.৫ কোটি টকা৷

এল ৱাডী বিন টেলাল নামৰ এজন ব্যক্তিয়ে চখ পূৰাবলৈ নিজৰ মার্ছিডিজ বেঞ্জখনত ৪৮০০০০০০ ডলাৰ খৰচ কৰি হীৰা লগাই লৈছিল৷ বাহনখনৰ গোটেই ব’ডীটো আনকি দুৱাৰ খোলা হেণ্ডেলডাললৈকে হীৰা লগোৱা হৈছিল৷ ইয়াৰ উপৰি গাড়ীখনৰ চকাৰ এলয় ইউলতো হীৰা লগোৱা হৈছিল৷

ইয়াৰ উপৰি হাচলেন বলফিয়া নামৰ এজন ব্যক্তিয়ে সোণেৰে এখন লিমৌজী গাড়ী বনোৱাই লৈছিল৷ বলফিয়াই সেই গাড়ীখনৰ নাম ৰাখিছিল গ’ল্ড প্লেটেড লিমৌ৷বলফিয়াই এই গাড়ীখন বিশেষ ঠাই বা প্রদর্শনৰ বাবেহে ব্যৱহাৰ কৰে৷

আমেৰিকাৰ ৰাষ্ট্রপতিয়ে ব্যৱহাৰ কৰা গাড়ীখন বাকী গাড়ীবোৰৰ তুলনাত কোনো গুণেই কম নহয়৷ এই গাডীখনৰ নাম হ’ল দ্য বিষ্ট৷ দ্য বিষ্ট অত্যাধুনিক প্রযুক্তিৰে সু–সজ্জিত এখন গাড়ী৷ গাড়ীখনৰ সকলো সমস্যাৰ সন্মুখীন হ’ব পৰা ক্ষমতা আছে৷ যেনে– পাৰমাণৱিক আক্রমণ, বোমা বিস্ফোৰণ আদি৷ এই গাড়ীখন বুলেট প্রুফ আৰু ফায়াৰ প্রুফ হয়৷ গাড়ীখনত ব্যৱহাৰ হোৱা গ্লাছবোৰ পাঁচটা প্রলেপেৰে নির্মিত৷ গাড়ীখনৰ ভিতৰত সকলোবোৰ সুবিধা আছে, যিবোৰ এজন ৰাষ্ট্রপতিৰ বাবে প্রয়োজন৷ দ্য বিষ্টৰ ওজন প্রায় ২০ হাজাৰ পাউণ্ড হ’ব আৰু ইয়াৰ দাম ১০ কোটি টকা৷

You might also like