নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আম কল আপেল আদি ফলৰ বাকলিৰ ব্যৱহাৰ জানক আজিয়েই….

মানুহৰ শৰীৰৰ বাবে প্রয়োজনীয় খাদ্য সম্ভাৰৰ ভিতৰত ৰসাল, সুস্বাদু অংশ এটা ফলমূলে অধিকাৰ কৰি আছে৷ দৈনন্দিন খাদ্য তালিকাত ফলমূলৰ বাবে এটা সুকীয়া স্থান সকলোৱে ৰাখে৷ ফলমূলৰ উপকাৰিতাৰ বিষয়ে নতুনকৈ কোৱাৰ প্রয়োজন নাই৷ ফলমূলৰ বাকলি অংশটো আমি সাধাৰণতে পেলাই দিওঁ৷ বহুতে অৱশ্যে ফুলগছক পুষ্টি যোগাবলৈ গছৰ গুৰিৰ মাটিত বাকলিবোৰ মিহলি কৰি দিয়ে৷ কিন্তু আমি বহুতে নাজানো যে ফলৰ এই বাকলিবোৰত এনে কিছুমান উপাদান নিহিত হৈ থাকে, যাক ছাল–চুলিৰ সৌন্দর্য ৰক্ষাত নিঃসংকোচে ব্যৱহাৰ কৰিব পাৰি৷ যাৰ বাবে বজাৰৰ পৰা অতি উৎকৃষ্টমানৰ বুলি ক্রয় কৰি অনা ব্যয়বহুল প্রসাধন সামগ্রীসমূহৰ পার্শ্বক্রিয়াৰ পৰা ছাল–চুলিক ৰক্ষা কৰিবলৈ আমি সক্ষম হব পাৰোঁ৷

আহকচোন, ছাল–চুলিৰ উপকাৰ সাধিব পৰা কেইবিধমান ফলৰ বাকলিৰ গুণাগুণৰ বিষয়ে আজি আলোচনা কৰোঁ৷

ক আম আলোচনাৰ বাবে প্রথমে ফলৰ ৰজাকে বাছনি কৰিছোঁ৷ আমৰ ৰাজকীয় ৰং, গোন্ধ, সোৱাদ, মাখনকোমল শাহ আৰু উপকাৰিতাৰ উপৰি ইয়াৰ বাকলিত মিহলি হৈ আছে নানানটা গুণ৷ বাকলিটো গুচাই মুখমণ্ডলত আলফুলে ঘঁহি পোন্ধৰ বিশ মিনিটৰ পিছত ধুব৷

১ আমৰ বাকলিত থকা ভিটামিন এ আৰু বিটা কেৰটিনে ছাললৈ প্রাকৃতিকভাৱে উজ্জ্বলতা কিিয়াই আনে৷

২ ছালৰ বলিৰেখা আৰু এক্নিৰ সমস্যা দূৰ কৰে৷

৩ আমৰ বাকলিৰ পেষ্ট চুলিত ঘঁহি আধা ঘণ্ঢামানৰ পিছত ধুব৷ ই চুলিৰ উফি দূৰ কৰে আৰু চুলি চিকচিকিয়া কৰি তোলে৷

৪ আমৰ বাকলিৰ পেষ্টৰ লগত সামান্য দৈ আৰু কণীৰ কুহুম মিহলাই সানিলে ই কণ্ডিচনাৰৰ কাম কৰে৷

খ কলঃ  কলৰ বাকলি মুখমণ্ডলত ঘঁহি অলপ দেৰি পিছত ধুই দিব৷

১ ছালৰ বলিৰেখা আৰু শালমইনা দূৰ হব৷

২ চকুৰ চাৰিওকাষৰ কলা দাগ আৰু চকু ফুলাৰ সমস্যাও ই লাঘৱ কৰে৷ তাৰ বাবে কলৰ বাকলি চকুৰ পতা আৰু চাৰিওকাষে আলফুলে ঘঁহি অলপ সময় ৰাখি ধুব৷

৩ মহে কামোৰা ঠাইত কলৰ বাকলি ঘঁহিলে খজুৱতিৰ পৰা আৰাম পোৱা যায়৷

৪ কলৰ বাকলি নিতৌ এক মিনিটৰ বাবে দাঁতত ঘঁহি ৰাখিব৷ এসপ্তাহৰ পিছতে দাঁতৰ উজ্জ্বলতা চকুত পৰিব৷

গ আপেলঃ আপেলৰ বাকলিৰ পেষ্ট মুখমণ্ডলত লগাই পোন্ধৰ মিনিটৰ পিছত ধুই দিব৷

১ ছালৰ অতিৰিক্ত তেল নিয়ন্ত্রণ কৰাত সহায় কৰে আৰু শালমইনা দূৰ কৰে৷

২ অতি বেঙুনীয়া ৰশ্মিৰ পৰা ছালক ৰক্ষা কৰে৷

৩ ছালৰ কলা দাগ আৰু এক্নি নির্মূলত সহায় কৰে৷

৪ আপেলৰ বাকলিয়ে প্রাকৃতিক টনাৰৰ কাম কৰে৷

৫ ছালৰ আর্দ্রতা বজাই ৰাখে৷

৬ এই পেষ্টটোৱে ছাল পৰিষ্কাৰ কৰি ছালৰ ৰং উজ্জ্বল কৰি তোলে৷

ঘ কমলাঃ শীতকালীন ফল কমলাৰ বাকলিও ভিটামিন চি, কেলচিয়াম, মেগনেচিয়াম, পটাচিয়ামকে ধৰি বহুকেইবিধ আৱশ্যকীয় উপাদানেৰে ভৰপূৰ৷

১ কমলাৰ বাকলিত থকা চাইড্রিক এচিডে ছালৰ ৰং প্রাকৃতিকভাৱে উজ্জ্বল কৰি তোলে৷

২ ছালৰ অতিৰিক্ত তেলখিনি শুহি লয়৷

৩ কমলাৰ বাকলিত থকা কেলচিয়ামে ছালৰ মৃতকোষ দূৰ কৰি ছালখন পৰিষ্কাৰ কৰি ৰাখে৷

৪ বাকলিৰ মেগনেচিয়ামে ছালৰ সুস্বাস্থ্য আৰু যৌৱন ধৰি ৰাখে৷

৫ ভিটামিন চি–এ এক্নিৰ বিৰুদ্ধে যুঁজাত ছালক সহায় কৰে৷

৬ কমলাৰ বাকলিৰ গুডি এচামুচ, চেনিৰ গুডি এচামুচ, আধা চামুচ আমণ্ড অইল আৰু দুটোপাল ভিটামিন ই অইল মিহলাই ঘৰতে এটা উৎকৃষ্টমানৰ সুগন্ধিত লিপ বাম তৈয়াৰ কৰি লব পাৰে৷

ঙ আনাৰসঃ আনাৰসৰ বাকলি ছালত আলফুলে ঘঁহি কিছুপৰৰ বাবে ৰাখি ধুই পেলাব৷

১ আনাৰসৰ বাকলিয়ে ছালৰ আর্দ্র ভাব বজাই ৰখাত সহায় কৰে৷

২ ছালৰ এক্নি আৰু শালমইনা দূৰ কৰাত সহায় কৰে৷

৩ ছালৰ পোৰণি হোৱা ঠাইত আনাৰসৰ বাকলি লগাই দিলে আৰাম পোৱা যায়৷

চ তৰমুজঃ গ্রীষ্মকালীন ফল হিচাপে তৰমুজৰ যথেষ্ট সমাদৰ আছে৷ তৰমুজৰ বাকলিৰ উপকাৰিতাৰ বিষয়ে বেছিভাগ মানুহেই অজ্ঞাত৷ তৰমুজৰ বাকলি অলপ সময় ফ্রীজত ৰাখি আলফুলে মুখমণ্ডলত ঘঁহি চাবচোন, ই ছালখনলৈ তৎক্ষণাৎ সজীৱতা কিিয়াই আনিব৷

১ ধূলি আৰু প্রদূষণে আমাৰ মুখমণ্ডলৰ ছালৰ নোমৰ গুৰিৰ ছিদ্রসমূহ বন্ধ কৰি দিয়ে৷ ফলত ছালখনে উজ্জ্বলতা হেৰুৱাই দেখাত নির্জীৱ হৈ পৰে৷ তৰমুজৰ বাকলি নিয়মীয়াকৈ ছালত লগালে ছালখন পৰিষ্কাৰ হৈ থাকে আৰু ছালৰ আর্দ্রতা বর্তি থাকে৷

২ ছালৰ বলিৰেখা, কলা চোম আৰু কলা দাগ নির্মূল কৰে৷

৩ তৰমুজৰ বাকলি অলপমান, এডোখৰ নেমু আৰু সৰু এডোখৰ আদা আধা লিটাৰ পানীত ডুবাই ৰাখিব৷ ফ্রীজতো ৰাখিব পাৰে৷ কেইঘণ্ঢামান এনেকৈ থৈ দিয়াৰ পিছত তৈয়াৰ হৈ গল আপোনাৰ বাবে একপ্রকাৰৰ ইনফিউজ্ড ৱাটাৰ৷ এই পানীয়ৰ সেৱনে গৰমত গা জুৰ পেলোৱা, শৰীৰৰ আর্দ্রতা ৰক্ষা কৰা আৰু শৰীৰৰ অতিৰিক্ত ওজন হ্রাস হোৱাত সহায় কৰে৷

ফলমূলৰ বাকলিবোৰ সৰু সৰুকৈ কাটি ৰদত ভালকৈ শুকুৱাই গুডি কৰি শুকান বটলত ভৰাই টানকৈ সাঁফৰ মাৰি ৰাখিলে বহু দিন ভালে থাকে৷

গতিকে আজিৰ পৰা এই ফলমূলৰ বাকলিবোৰ পেলাই দিয়াৰ সলনি সৌন্দর্য চর্চাৰ বাবে ব্যৱহাৰ কৰি চাওকচোন৷ কেইসপ্তাহমানৰ পিছতে আপুনি দেখা পাব, কেনেদৰে ই এক‘game changer’ হৈ আপোনাৰ ছাল–চুলিৰ ৰূপৰ পৰিৱর্তন সাধন কৰিছে৷

You might also like