নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অটোচালক দেউতাকৰ অটোত উঠি ফেমিনা মিছ ইণ্ডিয়া ৰানাৰ্ছ আপ মান্যা সিং আহিল সম্বৰ্ধনা ল’বলৈ

নিয়মীয়া বাৰ্তা, ১৬ ফেব্ৰুৱাৰীঃ গ্লেমাৰ দুনিয়া কেৱল আর্থিকভাৱে স্বচ্ছল পৰিয়ালৰ বাবেই।- এই ধাৰণা মিছা বুলি প্ৰতিপন্ন কৰে উত্তৰপ্রদেশৰ মান্যা সিঙে। অটোচালকৰ জীয়ৰী মান্যাই এইবাৰ জয় কৰিছিল ফেমিনা মিছ ইণ্ডিয়া ৰানাৰ্ছ আপৰ মুকুট। আৰু দেশবাসীৰ আগত প্ৰদৰ্শন কৰিছিল সমস্ত প্রতিকূলতাক নেওচি স্বপ্ন পূৰণৰ পথ।

ফেমিনা মিছ ইণ্ডিয়া ৰানাৰ্ছ আপৰ খিতাপ জয়ৰ বাবে আজি মান্যাক সম্বৰ্ধনা জনায় মুম্বাইৰ ‘ঠাকুৰ কলেজ এন্ড ছায়েন্স এণ্ড কমাৰ্চে’। মান্যা এই কলেজৰেই ছাত্রী। আজি সেই স্থানলৈয়ে আহে মান্যা। কোন দামী গাড়ীত নহয়, দেউতাকৰ অটোত উঠি।

লগত মাক আৰু চালক দেউতাক। কলেজত সোমোৱাৰ আগেয়ে মাকৰ চৰণ চুই সেৱা লয় মান্যাই। জীয়ৰীৰ সাফল্য আৰু স্বীকৃতি দেখি মান্যাৰ দেউতাক ওমপ্রকাশ সিঙৰ চকুৰে বৈ আহে পানী।

দাৰিদ্র্যৰ সৈতে পৰিচয় থকা মান্যাই কয়- ‘মই ১৪ বছৰ বয়সৰ পৰা এই দিশত সোমাওঁ। প্রথমে পিজ্জাৰ দোকানত কাম কৰিছিলো। আনকি লোকৰ ঘৰত বাচনো ধুইছো। পিছলৈ কলেজত স্নাতকত পঢ়োতে কল-চেন্টাৰতো কাম কৰিছো।’

উল্লেখ্য, আকাশ চুলেও নিজৰ ভৰিৰ তলৰ মাটিক পাহৰি নোযোৱা মান্যাৰ সাফল্য আৰু কৰ্মই ভূয়সী প্ৰশংসা লাভ কৰিছে দেশজুৰি।

You might also like