নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ ৰাজপথত নিশা বনৰীয়া দঁতাল হাতীৰ টহল, আতংকময় পৰিৱেশ

নিয়মীয়া বাৰ্তা, ১৬ ফেব্ৰুৱাৰীঃ গুৱাহাটী মহানগৰৰ মাজেৰে এটা বনৰীয়া দঁতাল হাতীয়ে খোজ কাঢ়ি যোৱা প্ৰত্যক্ষ কৰা হয় আজি নিশাৰ ভাগত।

সাতগাঁও অঞ্চলত টহল দি ফুৰা দেখা যায় বনাঞ্চলৰ পৰা ওলাই অহা হাতীটোৱে। এই লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় অঞ্চলটোত।

ৰাজপথত বিচৰণ কৰা হাতীক দেখি বহু লোকে হৈ-চৈ সৃষ্টি কৰাৰ লগতে আতচবাজীও মৰা পৰিলক্ষিত হৈছে।

এতিয়ালৈ শান্তভাৱে গমন কৰি থকা হাতীটো উত্তেজিত হ’লে দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। বন বিভাগৰ লোকক খবৰ দিয়া হৈছে। বাতৰি লিখা পৰলৈ বন বিভাগৰ লোক ঘটনাস্থলীলৈ আহি পোৱা নাই।

You might also like