পৰম্পৰাগত বৃত্তিক নেওচি আগবঢ়া এগৰাকী মহিলা মেকানিক
নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰীঃ পৰিয়ালক সমৰ্থন কৰিবলৈ স্বামীৰ সৈতে কাম কৰা ৩০ বছৰীয়া তেলেংগানা মহিলাই শেহতীয়াকৈ দৃষ্টি আকৰ্ষণ কৰিছে। সাধাৰণতে মহিলাসকলে এনে কাম কৰা দেখা নাযায়। পৰিয়াল-পোহপালৰ দায়িত্বত থকা স্বামীৰ সৈতে মহিলাগৰাকীয়ে গেৰেজত মেকানিকৰ ৰূপত অৱতীৰ্ণ হৈছে।
আদিলক্ষ্মী নামৰ মহিলাগৰাকীয়ে তেওঁৰ স্বামীৰ সৈতে তেলেংগানাৰ কোঠাগুডেমৰ ওচৰৰ সুজাথা নগৰত তেওঁলোকৰ অটোমোবাইল মেৰামতিৰ দোকানত মেকানিক ৰূপে কাম কৰে। তেওঁলোকৰ দুজনী কন্যা আছে বয়স ক্ৰমে ৭ বছৰ আৰু ৯ বছৰ।
আদিলক্ষ্মীয়ে অটোমোবাইল দোকানত কৰ্ম কৰি ইতিমধ্যে চৰ্চালৈ আহে আৰু মহিলাগৰাকীৰ কৰ্মস্পৃহা আৰু প্ৰতিভাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।
উল্লেখ্য, তেওঁলোকৰ দোকানস্থলীৰ সমষ্টিটোৰ পূৰ্বৰ সাংসদে আদিলক্ষ্মী আৰু তেওঁৰ পৰিয়ালক হায়দৰাবাদলৈ আমন্ত্ৰণ জনাইছিল তেওঁলোকৰ সংকল্প আৰু কঠোৰ পৰিশ্ৰমক প্ৰশংসা কৰি।