নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰোণাকালত স্বাস্থ্যসন্মত জীৱনধাৰাৰ কেইটামান টিপছ

ক’ভিডৰ তৃতীয় বৰ্ষত ভৰি থৈছোঁ আমি। ক’ভিড পৰিস্থিতিৰ বাবে প্ৰায় সকলোৰে জীৱনধাৰা সলনি হৈছে। মানুহ সচেতন হোৱাৰ পাছতো স্বাস্থ্যৰ অৱক্ষয় হৈছে। যাৰ বাবে স্বাস্থ্যৰ বিভিন্ন সমস্যায়ো দেখা দিছে। স্বাস্থ্যসন্মত জীৱনধাৰাৰ বাবে কেইটামান টিপছ-

১. শাৰিৰীক পৰিশ্ৰম বঢ়াওক। সুস্থ হৈ থাকিবলৈ হ’লে প্ৰথম বিধিটোৱে হ’ল দৈহিক পৰিশ্ৰম। পুৱা উঠি খোজ কঢ়া এটা ভাল অভ্যাস। খেলা-ধূলা অথবা নৃত্যৰ মাজেৰেও এই অভ্যাস বৰ্তাই ৰাখিব পাৰে। যোগ সাধনা, মেডিটেছন আদিও স্বাস্থ্য ৰক্ষাৰ বাবে অত্যন্ত প্ৰয়োজনীয়।

২. খাদ্য আমাৰ জীবনৰ এটি গুৰুত্বপূর্ণ অংশ,তাৰ পাছতো আমাৰ বহুতেই কি খাওঁ সেই ধ্যান নাৰাখোঁ। সেয়ে ডায়েট চাৰ্ট এখন মানি চলা অত্যন্ত দৰকাৰী। ভিটামিন আৰু পুষ্টিকৰ খাদ্য খোৱাৰ অভ্যাস ৰাখিব। তদুপৰি যিমান পাৰে বাহিৰৰ খাদ্যবস্তু এৰাই চলিব। ঘৰত বনোৱা খাদ্যই বেছিকৈ গ্ৰহণ কৰক।

৩. ক্লান্ত, বিশ্ৰামহীন শৰীৰে শাৰিৰীক আৰু মানসিকভাৱে ভালকৈ কাম কৰিব নোৱাৰে। সেয়ে ভাল টোপনিৰ খুবে প্ৰয়োজন। দৈহিক চালিকা শক্তি ভালদৰে ৰাখিবলৈ নিশা ভাল টোপনিৰ অত্যন্ত দৰকাৰ। সেয়ে নিয়মীত শোৱাৰ অভ্যাস গঢ়ি তুলিব লাগে আৰু টোপনিৰ সময় একেই ৰাখিব লাগে। এজন প্ৰাপ্ত বয়স্ক মানুহক ৭-৮ ঘণ্টাৰ টোপনিৰ প্ৰয়োজন।

৪. মানসিক চাপে আমাৰ হার্টৰ মাৰাত্মক ক্ষতি কৰে আৰু প্রায়েই হার্ট এটেকৰ কাৰণ হৈ উঠে। ষ্ট্ৰেছ মেনেজমেণ্ট পদ্ধতি সেয়ে নিজৰ বাবেই শিকিব লাগিব। ভাল লগা কাৰ্যকলাপ কৰিব লাগিব, নিজৰ হবী অনুসৰি পছন্দৰ কামত অধিক সময় মনোনিৱেশ কৰক অথবা ভ্রমণলৈ গৈ মন আৰু শৰীৰক পুনৰুজ্জীবিত কৰক।

৫. আজিকালিৰ ব্যস্ত চহৰীয়া জীবনধাৰাত ধূমপান তথা অত্যধিক এলকহল সেৱন আদিয়ে স্বাস্থ্য ভংগুৰ কৰি পেলাইছে। এই অভ্যাসবোৰে জীৱনজোৰা ক্ৰনিক বেমাৰ কিছুমানৰ জন্ম দিয়ে। গতিকে এই অভ্যাসবোৰ বাদ দিয়ক।

You might also like