নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আকাশ মেঘুলা, বৰষুণৰ সম্ভাৱনা

আকাশ মেঘুলা, বৰষুণৰ সম্ভাৱনা। এফালে অসমীয়াৰ পদূলিত হেঁপাহৰ ভোগালী, আনপিনে প্ৰচণ্ড জাৰৰ কোপ। তাৰ মাজতে আজি পুৱতি নিশাই অহা কিনকিনিয়া বৰষুণ জাকে এইবেলি ভোগালী বিহুত আৰু বেছি ঠাণ্ডা পেলাব বুলি সম্ভাৱনা ব্যক্ত কৰিছে। দেশৰ বতৰ বিজ্ঞান কেন্দ্ৰয়ো এই কথাই প্ৰকাশ কৰিছে। কেৱল অসমতে নহয়, আৱতৰীয়া বৰষুণজাকে চুই গৈছে অৰুণাচল প্ৰদেশ, পশ্চিমবংগ, বিহাৰ, ওড়িশা আদি ৰাজ্যয়ো। এই বৃষ্টিপাতৰ বাবে উত্তৰ ভাৰতৰ ৰাজ্য দিল্লী, উত্তৰ প্ৰদেশ, ৰাজস্থান আদিত সলনি কৰিছে জলবায়ু। ঠেঁটুৱৈ ধৰা জাৰে জনজীৱন ব্যাহত কৰিছে। পাৰাস্তম্ভৰ মান নিম্নগামী কৰিছে।

You might also like