নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অত্যাধিক অমিতা নাখাব হ’ব পাৰে মহাবিপদ…

নিয়মীয়া বাৰ্তা ২০ মাৰ্চঃ  আমি সকলোৱে জানো যে অমিতা আমাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী। ওজন হ্ৰাস ৰ পৰা ছালৰ ক্ষতিৰ পৰা বাচিবলৈ আৰু হজম শক্তি উন্নত কৰিবৰ বাবে  অমিতা আমাৰ স্বাস্থ্যৰ  লাভজনক বুলি গণ্য কৰা হয়। অমিতাৰ পাতৰ ৰসে ডেংগুৰ সৈতে যুঁজ কৰা আৰু প্লেটলেটৰ বৃদ্ধি কৰাত সহায় কৰে। কিন্তু প্ৰয়োজনতকৈ অধিক অমিতা খালে শৰীৰৰ বিভিন্ন প্ৰকাৰে ক্ষতি হ’ব পাৰে।

অত্যাধিক অমিতা খোৱাৰ পাৰ্শ্বক্ৰিয়া কি কিঃ

 স্বাস্থ্য বিশেষজ্ঞই গৰ্ভৱতী মহিলাসকলক অমিতা নাখাবলৈ পৰামৰ্শ দিয়ে। ইয়াৰ কাৰণ হৈছে অমিতাই গৰ্ভৰ ভ্ৰূণৰ ক্ষতি কৰিব পাৰে। timesofindia.comৰ মতে অমিতাত পেপেন নামৰ এটা উপাদান থাকে, যাৰ ফলত  গৰ্ভত ভ্ৰূণৰ  বহুতো সমস্যা সৃষ্টি কৰিব পাৰে। কেঁচা অমিতা খালে গৰ্ভপাত হোৱাৰ সম্ভাৱনা থাকে। অৱশ্যে, স্তন্যপানৰ সময়ত অমিতাৰ পাৰ্শ্বক্ৰিয়া কি হ’ব পাৰে তাৰ ওপৰত বেছি গৱেষণা হোৱা নাই। গতিকে গৰ্ভধাৰণৰ সময়ত আৰু প্ৰসৱৰ পাছত অমিতা নোখোৱাই ভাল।

অমিতাত থকা পেপেন হৈছে এক প্ৰকাৰৰ এংটাইন যিয়ে এলাৰ্জি সৃষ্টি কৰিব পাৰে। যদি হাপানি ৰোগী বা আন কোনো শ্বাসতন্ত্ৰৰ ৰোগ থাকে, চিকিৎসকক নোসোধাকৈ অমিতা নাখাব বা কম পৰিমাণে খাব আৰু লগতে কেঁচা অমিতা কেতিয়াও নাখাব। অত্যাধিক অমিতা খালে শ্বাস-প্ৰশ্বাসত অসুবিধাৰ সৃষ্টি হ’ব পাৰে।

যদিও অমিতাত অতি উচ্চ ফাইবাৰৰ পৰিমাণ থাকে আৰু কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰাৰ বাবে এক উপশম বুলি গণ্য কৰা হয়, কিন্তু অত্যাধিক অমিতা খালে ডায়েৰিয়াৰ সমস্যা হ’ব পাৰে। লগতে,অমিতাত লেটেক্স নামৰ উপাদান থাকে, যাৰ ফলত পেটৰ বিষ হ’ব পাৰে।

যদি এজন ৰোগীয়ে ডাইবেটিচৰ ঔষধ গ্ৰহণ কৰি আছে, তেওঁলোকে চিকিৎসকক নোসোধাকৈ অমিতা খাব নালাগে কিয়নো অমিতাই ৰক্ত শৰ্কৰাৰ স্তৰ আৰু হ্ৰাস কৰিব পাৰে যি ডায়েবেটিচ থকা ৰোগীৰ বাবে বিপদজনক হ’ব পাৰে।

হৃদৰোগ থকা লোকসকলেও অত্যাধিক অমিতা খাব নালাগে। অধিক অমিতা খালে হৃদস্পন্দনৰ হাৰ হ্ৰাস কৰিব পাৰে। একে সময়তে, অমিতাই হৃদযন্ত্ৰৰ সমস্যাও বৃদ্ধি কৰিব পাৰে। সেয়েহে, হৃদযন্ত্ৰৰ ৰোগী সকেল চিকিৎসকৰ পৰামৰ্শ লৈ অমিতা খাব লাগে।

You might also like